শতিকা......✍ শিক্ষাজ্যোতি শইকীয়া

বানে ধোৱা গাঁওখনে কয়
'নদীপৰীয়া মানুহ আমি'
সম্পৰ্কটো আত্মিক
ইয়ে আশা- ভৰষা, জীৱন।
সিহঁতে নাজানিছিল
জীৱনৰ আঁৰৰ মৃত্যু বিভীষিকা?
মুখবোৰ মুখতে লুকাল।
হাঁহি ধ্বংসস্তূপত নিমগ্ন।
চকুৰ টোপনি ইতিমধ্যে সৰিল।
জীৱন বুলি ভবাৰ অৱকাশ
এতিয়া নাই।
গাঁওখনেই শতিকাৰ বানত ডুব গ'ল!!
পুত্ৰ-জীৰ উপহাসত
পিতৃ-মাতৃৰ মমতা, চকুপানীৰ
মূল্য ক'ত?
এইয়া স্বাধীন শতিকাৰ প্ৰজন্ম বৃক্ষ
আৱেগ অৰ্থহীন...।

দূৰভাষঃ ৭৮৯৬১৫১৮৭৮