চকুৱে কথা ক'ব......✍ হাচান মোক্তাদীৰ আহমেদ

কাজলসনা চকু দুটি
চোৱানা এবাৰ তুলি!

দেখিবা চাৰিটা চকুৱে
বৈঠকত বহিব হৃদয়ৰ
ঘূৰণীয়া টেবুলখনত!

ওঁঠ দুটি ভয়াতুৰ
তোমাৰ ওচৰ পালেই
বোবাৰ পোচাক পিন্ধি
নিস্তব্ধ ৰূপত কঁপে থৰ থৰ!

চকুলৈ চোৱানা এপলক
শান্তি চুক্তি স্বাক্ষৰিত কৰি
গঢ়ি তোলো প্ৰেমৰ বন্ধুত্ব!