মনৰ কথা পাতিছিলো
ৰজা ৰাণী খেলিছিলো,
মধুৰতাৰ অানন্দময় দিনবোৰ
কিমান যে সুন্দৰকৈ সজাইছিলো।
পাইছিলো কত যে অানন্দ
সেই দিনবোৰৰ যোগেদি
অাজও উভতি যাব মন যায়
শৈশৱৰ সেই ৰিংৰিঙীয়া বাটেদি
উভতি গ'লে যেন পাওয়েই
ঘূৰাই সেই চিৰযুগমীয়া স্মৃতি
ভাবিলেই মনটো সুখে ভৰি উঠে
মনত পৰি লুকা চুৰিৰ সেই খেলটি৷
সাজিছিলো ঘৰৰ চোফাৰ কুছনেৰে বৰ অট্টালিকা,
সোমাই দিলেই যে ভাগি পৰে,
হাহি হৈ পৰে বাগৰি খিলখিলীয়া ।
মনত পৰেনে সেই চোৰ ডকাইটৰ কাগজৰ খেলটি
চোৰ হ'লে যে মনে মনে থাকো
মনে মনে যে দিও পুলিচ হোৱাটোক চিকুটি ।
অাছিল যে কিমান সেই ধেমালিবোৰ সুখেৰে ভৰা
নাই অাজি সেই দিন সেই সুখ অাজি অাধৰুৱা৷
ঠিকনাঃ তেজপুৰ
দূৰভাষঃ ৭০৮৬১০৪৫৮৭
ৰজা ৰাণী খেলিছিলো,
মধুৰতাৰ অানন্দময় দিনবোৰ
কিমান যে সুন্দৰকৈ সজাইছিলো।
পাইছিলো কত যে অানন্দ
সেই দিনবোৰৰ যোগেদি
অাজও উভতি যাব মন যায়
শৈশৱৰ সেই ৰিংৰিঙীয়া বাটেদি
উভতি গ'লে যেন পাওয়েই
ঘূৰাই সেই চিৰযুগমীয়া স্মৃতি
ভাবিলেই মনটো সুখে ভৰি উঠে
মনত পৰি লুকা চুৰিৰ সেই খেলটি৷
সাজিছিলো ঘৰৰ চোফাৰ কুছনেৰে বৰ অট্টালিকা,
সোমাই দিলেই যে ভাগি পৰে,
হাহি হৈ পৰে বাগৰি খিলখিলীয়া ।
মনত পৰেনে সেই চোৰ ডকাইটৰ কাগজৰ খেলটি
চোৰ হ'লে যে মনে মনে থাকো
মনে মনে যে দিও পুলিচ হোৱাটোক চিকুটি ।
অাছিল যে কিমান সেই ধেমালিবোৰ সুখেৰে ভৰা
নাই অাজি সেই দিন সেই সুখ অাজি অাধৰুৱা৷
ঠিকনাঃ তেজপুৰ
দূৰভাষঃ ৭০৮৬১০৪৫৮৭







