হেল্ল' প্ৰিয়তমা
ঘৰত চলিছে বোলে তোৰ বিয়াৰ কথা
আৰে শুনা না
মই "আমৰণ অনশন" কৰিম
তোৰ ঘৰৰ পদূলিত
পদযাত্ৰা কৰিম তোক আনিবলৈ
হাতত থাকিব জোটা
কামিজৰ বুটাম থাকিব খোলা
বিন্দাচ
জেপত থাকিব এটি তিনিকোণীয়া মোনা
হাঃ হাঃ হাঃ
আৰে মজা....
তোৰ ঘৰৰ প্ৰশাসনে যদিহে দিয়ে বাধা
দেখুৱাই দিম বাপ্পেকে
পূৰ্বপুৰুষৰ বিয়া,
সন্মানসহকাৰে স্মাৰক পত্ৰ দিম
তোৰ দেউতাৰাক
আৰু নুবুজিলে
জংগী আন্দোলন কৰিম
তহঁতৰ চোতালত !
জ্বলাই দিম কলিজা
আৰু চিঞৰি ক'ম
তোক নাপালে মই মৰি যাম !
ঐ প্ৰিয়তমা
কোৱানা !
মই যদি মলিয়ন কাপোৰেৰে ৰাস্তাত
ভিক্ষা খুজি থাকো
নোচোৱাৰ ভাও ধৰি যাবি নেকি!
যদি ভোকাতুৰ হৈ পৰি থাকো
ফুটপাথৰ ওপৰত
মিছড্ কল দিয়াৰ দৰে
দিবানে আহাৰ অকন!
তোৰ বিয়াৰ দিনা কিদৰে কটাম বে
কিলিঙ বজাই বজাই যাম নিকি
তোৰ ঘৰৰ পদূলিৰে
আনদিনাৰ দৰে সেইদিনাও
দিবানে এষাৰি মাত
মৰমৰ
হেঁপাহৰ !
আলহী অতিথিৰ কোলাহলত
হেৰাই যাম কিজানি মই
তোৰ অন্তৰৰ পৰা চিৰদিনলৈ!
আৰে নোৱাৰিম বে
ইমান সহিব
ঐ শুনা
এফালে জ্বলিব তোৰ হোমৰ গুৰি
আনফালে জ্বলিব মোৰ চিতাৰ খৰি
তহঁতৰ ঘৰতো লাগিব কান্দোনৰ হুৱাদুৱা
আমাৰ ঘৰতো বলিব বেদনাৰ ধুমুহা
পাৰ্থক্য মাথোঁ এটাই
মোৰ মৃত্যুৰ দিনা
তোৰ শিৰৰ সেন্দূূৰ নুগুছে
নাভাঙে তোৰ বালা
তথাপিও কওঁ
আটাইতকৈ বেছি
তইয়ে কান্দিবা!!
সোঁৱৰণিৰ সেওঁতাত
মই থাকিম বেৰত উলমি
তই হ'বি আনৰ ঘৰৰ ন' বোৱাৰী ।
হেল্ল' প্ৰিয়তমা......৷
ঘৰত চলিছে বোলে তোৰ বিয়াৰ কথা
আৰে শুনা না
মই "আমৰণ অনশন" কৰিম
তোৰ ঘৰৰ পদূলিত
পদযাত্ৰা কৰিম তোক আনিবলৈ
হাতত থাকিব জোটা
কামিজৰ বুটাম থাকিব খোলা
বিন্দাচ
জেপত থাকিব এটি তিনিকোণীয়া মোনা
হাঃ হাঃ হাঃ
আৰে মজা....
তোৰ ঘৰৰ প্ৰশাসনে যদিহে দিয়ে বাধা
দেখুৱাই দিম বাপ্পেকে
পূৰ্বপুৰুষৰ বিয়া,
সন্মানসহকাৰে স্মাৰক পত্ৰ দিম
তোৰ দেউতাৰাক
আৰু নুবুজিলে
জংগী আন্দোলন কৰিম
তহঁতৰ চোতালত !
জ্বলাই দিম কলিজা
আৰু চিঞৰি ক'ম
তোক নাপালে মই মৰি যাম !
ঐ প্ৰিয়তমা
কোৱানা !
মই যদি মলিয়ন কাপোৰেৰে ৰাস্তাত
ভিক্ষা খুজি থাকো
নোচোৱাৰ ভাও ধৰি যাবি নেকি!
যদি ভোকাতুৰ হৈ পৰি থাকো
ফুটপাথৰ ওপৰত
মিছড্ কল দিয়াৰ দৰে
দিবানে আহাৰ অকন!
তোৰ বিয়াৰ দিনা কিদৰে কটাম বে
কিলিঙ বজাই বজাই যাম নিকি
তোৰ ঘৰৰ পদূলিৰে
আনদিনাৰ দৰে সেইদিনাও
দিবানে এষাৰি মাত
মৰমৰ
হেঁপাহৰ !
আলহী অতিথিৰ কোলাহলত
হেৰাই যাম কিজানি মই
তোৰ অন্তৰৰ পৰা চিৰদিনলৈ!
আৰে নোৱাৰিম বে
ইমান সহিব
ঐ শুনা
এফালে জ্বলিব তোৰ হোমৰ গুৰি
আনফালে জ্বলিব মোৰ চিতাৰ খৰি
তহঁতৰ ঘৰতো লাগিব কান্দোনৰ হুৱাদুৱা
আমাৰ ঘৰতো বলিব বেদনাৰ ধুমুহা
পাৰ্থক্য মাথোঁ এটাই
মোৰ মৃত্যুৰ দিনা
তোৰ শিৰৰ সেন্দূূৰ নুগুছে
নাভাঙে তোৰ বালা
তথাপিও কওঁ
আটাইতকৈ বেছি
তইয়ে কান্দিবা!!
সোঁৱৰণিৰ সেওঁতাত
মই থাকিম বেৰত উলমি
তই হ'বি আনৰ ঘৰৰ ন' বোৱাৰী ।
হেল্ল' প্ৰিয়তমা......৷







