শিল্পী শিৰোমণি মুক্তিৰ বাহিনী......✍ নীৰজ পাঠক

মৃত্যুৰ সজ্জা পিন্ধি থিয় হয় এটা অগ্নিকুণ্ড
কি ঠিক
সিটোপাৰে জীৱনও হ'ব পাৰে
কমৰেডৰ পথ ৰাজআলি হ'লে
পৃথিৱীৰ বুকু ফালি ঠিয় দিব
শান্তিৰ ৰঙা ধ্বজা৷

নাঙঠ ভৰিৰে আকাশ কঁপায় কোনে নৃত্য কৰে!
বুৰঞ্জীৰ পাতত জিন জিন কিহৰ শব্দ পাৰ হৈ যায়
কোচবিহাৰৰ পৰা ৰংপুৰৰ বাকৰিহৈ!

আসঃ, ৰাভা?

কমৰেড ৰাভা,
তোমাৰ ভৰিৰ গুমগুমনিত জঞ্জিৰ কঁপোৱা ৰক্ত আজিৰ অসমীয়াৰ শিৰে শিৰে নহয় প্ৰৱাহিত৷

"শংকৰ- আজান জীয়াই থাকিব
থাকিব বীৰ লাচিতৰ মান৷
মোৰ দৰে শ' জন নিশ্বৰ হৈ যাওক,
যুগমীয়া হৈ ৰওক অসমী আইৰ সন্মান৷"
একেলগে চিঞৰিম-
আহা, আহা, ঘুৰি আহা৷
ঠাইৰ ভাষাই আইৰ ভাষা!
এয়াই আমাৰ মাতৃভাষা৷

সোণৰ অসম সংকতত
আহা ৰাভা,
সংস্কৃতিৰ ঢোলত মুক্ত বিহংগমৰ নৃত্য কৰিম!
ভেঁটি গঢ়ি যোৱা সংস্কৃতিত
খহনিয়াই লোৱা মহামাৰীত বিপ্লৱ গঢ়িম৷

কলাগুৰুৰ অভাৱে জুৰুলা কৰিছে
চিৰতৰুণ অসমীৰ মান৷
আহা ৰাভা, ঘূৰি আহা;
টঙালী বান্ধো লুইতৰ পাৰলৈ!
গঢ়িম ন- সুৱদি গান৷
পুতৌ জন্মিছে প্ৰাগজ্যোতিষপুৰলৈ
শেষ হ'বৰ হ'ল ভঁৰালৰ ধান৷

ৰংগমঞ্চৰ চোতালে কান্দে বাৰে বাৰে!
বঙালৰ হাতত দেখো হেংদাং!
শেষ উশাহ লৈছে জাতি,
কমৰেড, তুমিয়েই সাহসৰ প্ৰতিমতা মহান৷

জাতিৰ শেষত আৰু কিমান ব্যৱসায় বাকী!
হে মহানায়ক!
কমৰেড ৰাভা নাই আজি৷
মূৰৰ মূল্য ঘোষণা নকৰাকৈ
মুক্ত তোমাৰ পথ,
নে আৰু কিবা ঘাটি!?

ড° ভট্টাচাৰ্য;
কি সুধিবা আজি?
"বিষ্ণু ৰাভা,
এতিয়া অসম খনৰ কিমান বাকী!"......