বেবেৰিবাং কিছু শব্দৰ দুৱাৰ খুলি
বহিছো শব্দবোৰৰ মালা গাঁঠিবলৈ
অথচ শৃংখলিত নহয় দেখোন মালাডাল
আজি মুক্ত হ'ব খোজা পখীজনীও
গৈ বাৰে বাৰে বন্ধ সজাৰ দুৱাৰ টকৰাইছে
আকৌ এবাৰ বন্দীত্বৰ আচলত বন্দী হ'ব খুজিছে
এই মুকলি আকাশখন তাইৰ বাবে খুবেই ৰহস্যময়
পৰিৱেশ পৰিস্থিতিৰ আভূষণত নিয়ন্ত্ৰিত আজি তাই
তাইৰ মুক্ত ডেউকা দুখনিও ক্ৰমাৎ স্থবিৰ হৈ পৰে
তাইৰ অতিকে আপোন
সেই ৰিব ৰিব বতাহজাকৰ মাজত
তাইৰ আজি মন
ছদ্মবেশেৰে কোনোবা অপৰূপ দিগন্তৰ সুবাস ল'বলৈ
জীৱনৰ ৰঙা নীলা হালধীয়া ৰঙবোৰৰ সুবাস বুটলি
মৌ প্ৰাণ কৰিবলৈ
জীৱনৰ পম খেদি খেদি তাই আজি পথভ্ৰষ্ট নহয়টো
তাই আকৌ পণ কৰি পেলালে
আগুৱাই যাব তাই
সকলো বাধা নেওচি আগুৱাই যাব
সুদূৰ দিগন্তলৈ।
ঠিকনাঃ ঢকুৱাখানা কলেজ