তেওঁলোক বহুত ভোকাতুৰ......✍ ৰাতুজ দাস

তেওঁলোকে নাজানে আনৰো যে ভোক আছে
নিজৰ ভোকৰ তাড়নাত খাব বিচাৰে
কেঁচা মঙহৰ টুকুৰা৷

কটা ঘাত পকা তেল ঢালি
জ্বলা জুইত ঘি ঢালি
যন্ত্ৰণাৰ চিঞৰ শুনি তৃপ্তি পায় সিহঁতে৷

সিহঁতে পিয়াহত পান নকৰে পানী
ভাল পায় মদিৰাৰ ৰাগি৷
নুবুজে ভোকৰ তাড়না
পূৰ্ণ কৰে মাথোঁ ভোগৰ কামনা৷

তেওঁলোক বহুত ভোকাতুৰ
তেওঁলোক সীমাহীন নিষ্ঠুৰ৷
জঁপিয়াই পৰিব পাৰে অনাকাংক্ষিত ভাৱে
ভক্ষণ কৰিব পাৰে নিমিষতে৷

অন্ধকাৰ নমাই কৰিব পাৰে সৰ্বশ্ৰান্ত
ধ্বংস কৰিব পাৰে বৰ্ণিল স্বপ্ন,
মৃত্যুৰ শেষটো নহয় সিহঁতৰ ভোকৰ অন্ত৷
তেওঁলোক বহুত ভোকাতুৰ
তেওঁলোক মানুহ নহয় যেন অসুৰ৷

দূৰভাষঃ ৯৯৫৭৩৬৮৪৪৫