দূৰৈৰ সীমনাত এটি
নীলাভ পাহাৰ
জিৰজিৰকৈ বাগৰি
কুলুকুলু ধ্বনিৰে
নামনিলৈ বৈ যায় এটি জলাশয় ৷
ৰূপান্তৰিত হয় এখনি স্বোতস্বিনীলৈ
নাম যাৰ ভোগদৈ,.,
দুয়োপাৰে হালে জালে
কঁহুৱা বননি ৷
পাৰত বহি বহুজনে সপোন দেখে
সোণোৱালী শস্যৰ ৷
হেঁপাহৰ ভোগদৈ....
তটিনীয়ে দি যায়
পলসুৱা বোকা
ৰঙিলী পমিলী ধনবৰ
মনাইহঁতে উলাহতে ৰুই
যায় মুঠি মুঠি কঠীয়া ৷
হিয়াৰ আমঠু ভোগদৈ
নৈপৰীয়াৰ সুখে দুখে
লগৰী হয় ওৰে জীৱনলৈ.....
নীলাভ পাহাৰ
জিৰজিৰকৈ বাগৰি
কুলুকুলু ধ্বনিৰে
নামনিলৈ বৈ যায় এটি জলাশয় ৷
ৰূপান্তৰিত হয় এখনি স্বোতস্বিনীলৈ
নাম যাৰ ভোগদৈ,.,
দুয়োপাৰে হালে জালে
কঁহুৱা বননি ৷
পাৰত বহি বহুজনে সপোন দেখে
সোণোৱালী শস্যৰ ৷
হেঁপাহৰ ভোগদৈ....
তটিনীয়ে দি যায়
পলসুৱা বোকা
ৰঙিলী পমিলী ধনবৰ
মনাইহঁতে উলাহতে ৰুই
যায় মুঠি মুঠি কঠীয়া ৷
হিয়াৰ আমঠু ভোগদৈ
নৈপৰীয়াৰ সুখে দুখে
লগৰী হয় ওৰে জীৱনলৈ.....







