মই কবিতা লিখিবলৈ বহিছো
কবি হ'বলৈ নহয়,
হৃদয়ৰ আন্তৰিকতাবোৰহে প্ৰকাশ কৰিবলৈ!
মই বিচৰা হৃদয়খন তোমাৰ মাজত আছেনে?
মোৰ বুকুৰ ভিতৰত বিষৰ যন্ত্ৰণা হৈছে
কাৰণ, মই প্ৰেমত পৰিছো
আৰু যন্ত্ৰণাকাতৰ হৈ পৰিছো৷
মই নিৰুপায়..............
কৰুণ কবিতা প্ৰকাশ কৰিব নোৱাৰিলেও
সঁঁচা অনুভূতিবোৰ তিনিটি আঙুলিয়ে লিখিব পাৰিছো
তুমি চাবা, এদিন পঢ়িবা
মোৰ হৃদয়ত বাঢ়ি থকা যন্ত্ৰণাবোৰ কথা
আৰু পঢ়ি পঢ়ি কান্দিবা
অনুভৱ কৰিবা........
তোমাক ভালপোৱা প্ৰেমিকা গৰাকীয়ে
কবি নহ'লেও কবিতা লিখি গ'ল
তোমাৰ নামত গোপনে গোপনে৷
কবি হ'বলৈ নহয়,
হৃদয়ৰ আন্তৰিকতাবোৰহে প্ৰকাশ কৰিবলৈ!
মই বিচৰা হৃদয়খন তোমাৰ মাজত আছেনে?
মোৰ বুকুৰ ভিতৰত বিষৰ যন্ত্ৰণা হৈছে
কাৰণ, মই প্ৰেমত পৰিছো
আৰু যন্ত্ৰণাকাতৰ হৈ পৰিছো৷
মই নিৰুপায়..............
কৰুণ কবিতা প্ৰকাশ কৰিব নোৱাৰিলেও
সঁঁচা অনুভূতিবোৰ তিনিটি আঙুলিয়ে লিখিব পাৰিছো
তুমি চাবা, এদিন পঢ়িবা
মোৰ হৃদয়ত বাঢ়ি থকা যন্ত্ৰণাবোৰ কথা
আৰু পঢ়ি পঢ়ি কান্দিবা
অনুভৱ কৰিবা........
তোমাক ভালপোৱা প্ৰেমিকা গৰাকীয়ে
কবি নহ'লেও কবিতা লিখি গ'ল
তোমাৰ নামত গোপনে গোপনে৷







