১
কথা আছিল নদীৰ পাৰৰ
সেউজীয়া ঘাঁহনিডৰাত বহি
তুমি আৰু মই দুপ নিশাত
আকাশ বগাই
পূৰ্ণিমাৰ জোনাকৰ স্নিগ্ধতাক সাবটি
এটা কবিতা লিখাৰ৷
২
মোৰ ভালপোৱাক নেওচি
তুমি আঁতৰি যোৱাৰ দিনাৰে পৰা
অন্ধকাৰ হৈ থকা মোৰ চোতালত
এছাটি মৃদু সমীৰণৰ সতে
আজি আকৌ জোনাক নামিছে ৷
৩
তুমি আঁতৰি যোৱাৰ পাছৰে পৰা
মোক আগুৰি ধৰা
বিষাদৰ কলীয়া ডাৱৰবোৰ
আজি ক্ৰমশঃ হেৰাই পৰিছে
নীল আকাশৰ সুকোমল ৰ’দৰ শাণিত৷
৪
যোৱানিশা মৃত্যু হ’ল
অকালতে ছন্দ হেৰুৱাই
অপ্ৰাপ্তিৰ পথত
হতাশগ্ৰস্ততাৰ পথিক হোৱা
এটা প্ৰেমিক কবিতাৰ ৷
ঠিকনাঃ শিৱসাগৰ
কথা আছিল নদীৰ পাৰৰ
সেউজীয়া ঘাঁহনিডৰাত বহি
তুমি আৰু মই দুপ নিশাত
আকাশ বগাই
পূৰ্ণিমাৰ জোনাকৰ স্নিগ্ধতাক সাবটি
এটা কবিতা লিখাৰ৷
২
মোৰ ভালপোৱাক নেওচি
তুমি আঁতৰি যোৱাৰ দিনাৰে পৰা
অন্ধকাৰ হৈ থকা মোৰ চোতালত
এছাটি মৃদু সমীৰণৰ সতে
আজি আকৌ জোনাক নামিছে ৷
৩
তুমি আঁতৰি যোৱাৰ পাছৰে পৰা
মোক আগুৰি ধৰা
বিষাদৰ কলীয়া ডাৱৰবোৰ
আজি ক্ৰমশঃ হেৰাই পৰিছে
নীল আকাশৰ সুকোমল ৰ’দৰ শাণিত৷
৪
যোৱানিশা মৃত্যু হ’ল
অকালতে ছন্দ হেৰুৱাই
অপ্ৰাপ্তিৰ পথত
হতাশগ্ৰস্ততাৰ পথিক হোৱা
এটা প্ৰেমিক কবিতাৰ ৷
ঠিকনাঃ শিৱসাগৰ







