ময়ে যৌৱন......✍ নবজানি বৰুৱা শইকীয়া

স্বপ্ন লোকৰ স্বপ্নকন্যা মই ।
নিলাভ আঙুলিৰে
হাত বুলাই সৃষ্টি কৰো
সাতো ৰঙি সপোনৰ ।

মোৰ পৰশত প্ৰাণ পাই উঠে
কোমল কঁহুৱা ফুলৰ
শুকুলা উদ্যান৷

প্ৰাণ পাই উঠে
উৰ্বশী মেনকাৰ লয়লাস নৃত্য
ইন্দ্ৰৰ ৰাজ সভা
আৰু দেৱতাৰ ভোগ বিলাস৷

স্বপ্ন পুৰীৰ স্বপ্ন দূতে
মোৰ সোণালী ছবি আঁকি
প্ৰাণৱন্ত কৰি তোলে
শত সহস্ৰ প্ৰেমিকৰ
পিপাসু হৃদয়৷

ৰঙীন ৰঙীন লগা
সময়ৰ টিকনিডাল
মোৰ পৰশ পাই
থমকি জিৰাব খোজে
কোনোবা প্ৰেমিকাৰ
কুমলীয়া কলিজাৰ উমাল ছাঁত ।

স্বপ্নলোকৰ স্বপ্নকন্যাৰ
কুটিল মায়াত
থানবান কৰি যায়
স্বপ্নময় সংখ্যাৰ ।
স্বপ্নকন্যা মাথোঁ প্ৰহেলিকা৷

ঠিকনাঃ ডিগবৈ