বৰ্তমানৰ সমাজবোৰ দেখোন
একোখন ব্যক্তিকেন্দ্ৰীক
বজাৰলৈ পৰিণত হৈছে--
য'ত সকলো বস্তুৰে
হয় কিনা- বেচা
প্ৰতিটো বস্তুৰে দৰ-দাম হয়
এই বজাৰতে !
সমাজৰ প্ৰতিজনেই যেন
একো একো জন বেপাৰী৷
নিজৰ স্বাৰ্থতে যেন
সকলো কিনা-বেচা কৰে ।
স্বাৰ্থ বিহীন সুন্দৰ বস্তুও
মূল্য হীন হৈ পৰে
এই বজাৰত৷
এনেহেন বজাৰত
আৱেগ অনুভূতিবোৰো
দৰ-দাম হয় নিতে,
মৰমৰ দৰ-দামত
মৰা-কটাও হয় ।
এই বজাৰত পুৰণি
বস্তুবোৰো কেতিয়াবা
এৰেহা হৈ পৰে !
যাক হয়তো কোনো
মূল্যৰে কিনিব নোৱাৰে ।
এনেহেন বজাৰত
আমিও একোজন
বেপেৰুৱা দৰ্শক।
নোৱাৰো ৰুধিব সমাজৰ
অন্যায় অত্যাচাৰৰ
বহল বজাৰ খন ।
কৰোঁ উপলব্ধি হে মাত্ৰ
হীনমন্যতাৰে .....
একোখন ব্যক্তিকেন্দ্ৰীক
বজাৰলৈ পৰিণত হৈছে--
য'ত সকলো বস্তুৰে
হয় কিনা- বেচা
প্ৰতিটো বস্তুৰে দৰ-দাম হয়
এই বজাৰতে !
সমাজৰ প্ৰতিজনেই যেন
একো একো জন বেপাৰী৷
নিজৰ স্বাৰ্থতে যেন
সকলো কিনা-বেচা কৰে ।
স্বাৰ্থ বিহীন সুন্দৰ বস্তুও
মূল্য হীন হৈ পৰে
এই বজাৰত৷
এনেহেন বজাৰত
আৱেগ অনুভূতিবোৰো
দৰ-দাম হয় নিতে,
মৰমৰ দৰ-দামত
মৰা-কটাও হয় ।
এই বজাৰত পুৰণি
বস্তুবোৰো কেতিয়াবা
এৰেহা হৈ পৰে !
যাক হয়তো কোনো
মূল্যৰে কিনিব নোৱাৰে ।
এনেহেন বজাৰত
আমিও একোজন
বেপেৰুৱা দৰ্শক।
নোৱাৰো ৰুধিব সমাজৰ
অন্যায় অত্যাচাৰৰ
বহল বজাৰ খন ।
কৰোঁ উপলব্ধি হে মাত্ৰ
হীনমন্যতাৰে .....







