হেৰুৱাব ধৰিছে বহু......✍ বৰ্ণালী বৰা

আছে জানো কোনোবা এই পৃথিৱীত
যি কোনো দিনেই দুখ পোৱা নাই
আছে জানো এনে কোনো
যাৰ কেতিয়াও একো হেৰুৱা নাই,
সপোন দেখা নাই
যাৰ কোনো প্ৰাপ্তিৰ বাসনা নাই ৷
পশু- পক্ষী কিম্বা মানুহ
সকলোৰে আছে মনত
আকাংক্ষা কিবা এটা
পোৱাৰ ক্ষীণ সম্ভাৱনা
সেউজীয়া সপোন
কোন আছে এই পৃথিৱীত
যি হেৰুৱা নাই
শৈশৱৰ সেই সোণালী দিন
য'ত আছিল শেৱালিৰ সুবাস,
পুৱতি নিশাৰ পক্ষীৰ কাকলি,
হেৰুৱাই পেলোৱা নাই জানো
জিঞাৰ পিছে পিছে দৌৰি ফুৰাৰ
সেই সুমধুৰ দিন ৷
হয়,
ক্ৰমান্বয়ে মই হেৰুৱাই পেলাইছো বহু
য'ত লুকাই আছিল নৈৰ পাৰৰ নিৰ্মল বতাহ
আৰু এজাক নিষ্পাপ সপোন আৰু বহুতো ৷