ভাদ মহীয়া নামঘোষা এটি
বিয়পিছে নামঘৰে ঘৰে
ডবাৰ কোৱত মুখৰিত হৰিনামৰ ধ্বনি
অসমৰ বুকুৱেদি হৰিৰসৰ মহাপ্লাৱন
বৈছে মণিকূটত শান্তিৰ বতৰা লৈ৷
কুণ্ডলি পকাই উৰি যায়
নামতিৰ হাতৰ চাপৰত
ধূপৰ ধোৱা সুগন্ধি হৈ
এজাক কপৌ চৰাইৰ পাখিত গুজি৷
হৃদয়ৰ বোকোচাত
মিঠা শিহৰণ সানি
এহেজাৰ শুভ্ৰমেঘৰ মূৰ্ছনাত
উৰুৱাই আনিছিল
পশ্চিম দিগন্তৰ আকাশত কুঁৱলিৰ চাদৰ,
নামঘৰৰ কাষে কাষে
আয়তীৰ নামঘোষাৰ সুৰত
বুৰ গ'ল ভাদমহীয়া সন্ধিয়াটি কুঁৱলিক সাৱটি,
শুভ্ৰশেৱালিৰ সুগন্ধই
নামঘৰৰ চোতাল চুই
ছবি আঁকিছে মায়াবী সময়ৰ নীৰৱতা
শেৱালি জোপাৰ ডালত পৰি ৰমলাইছিল
শৰত অহাৰ বাতৰি লৈ
পৰি ভ্ৰমী চৰাইৰ জাকে ।
ভাদ মাহৰ নামঘৰ চাপৰিত ধৰ্ম প্ৰাণ মনৰ
হৃদয়ৰ সুৰৰ দৰে
পাক খাই আছিল অন্তৰংগ মুহূৰ্ত
হাতৰ চাপৰে চাপৰে আশাৰ মিলন ধ্বনি
কাষতে কাষ চপাই
হিয়া মন খুলি পতা ক'ত যে কথা ......
সুৰৰ নিজৰা হৈ জীৱনত আহে প্ৰাণ
উমাল আশাৰ এই ঐকতান মালা গাঁঠি গাঁঠি।
কুঁৱলিৰ পাতল ওৰণি টানি সিঁচি দিলে
ভাদৰৰে গাতে আঁউজী
আহিনৰ শীতলতা
হাতৰ চাপৰতে নামঘৰৰ বাটচ'ৰাত
শুকুলা শৰতৰ বতৰা ।
ঠিকনাঃ গুৱাহাটী
বিয়পিছে নামঘৰে ঘৰে
ডবাৰ কোৱত মুখৰিত হৰিনামৰ ধ্বনি
অসমৰ বুকুৱেদি হৰিৰসৰ মহাপ্লাৱন
বৈছে মণিকূটত শান্তিৰ বতৰা লৈ৷
কুণ্ডলি পকাই উৰি যায়
নামতিৰ হাতৰ চাপৰত
ধূপৰ ধোৱা সুগন্ধি হৈ
এজাক কপৌ চৰাইৰ পাখিত গুজি৷
হৃদয়ৰ বোকোচাত
মিঠা শিহৰণ সানি
এহেজাৰ শুভ্ৰমেঘৰ মূৰ্ছনাত
উৰুৱাই আনিছিল
পশ্চিম দিগন্তৰ আকাশত কুঁৱলিৰ চাদৰ,
নামঘৰৰ কাষে কাষে
আয়তীৰ নামঘোষাৰ সুৰত
বুৰ গ'ল ভাদমহীয়া সন্ধিয়াটি কুঁৱলিক সাৱটি,
শুভ্ৰশেৱালিৰ সুগন্ধই
নামঘৰৰ চোতাল চুই
ছবি আঁকিছে মায়াবী সময়ৰ নীৰৱতা
শেৱালি জোপাৰ ডালত পৰি ৰমলাইছিল
শৰত অহাৰ বাতৰি লৈ
পৰি ভ্ৰমী চৰাইৰ জাকে ।
ভাদ মাহৰ নামঘৰ চাপৰিত ধৰ্ম প্ৰাণ মনৰ
হৃদয়ৰ সুৰৰ দৰে
পাক খাই আছিল অন্তৰংগ মুহূৰ্ত
হাতৰ চাপৰে চাপৰে আশাৰ মিলন ধ্বনি
কাষতে কাষ চপাই
হিয়া মন খুলি পতা ক'ত যে কথা ......
সুৰৰ নিজৰা হৈ জীৱনত আহে প্ৰাণ
উমাল আশাৰ এই ঐকতান মালা গাঁঠি গাঁঠি।
কুঁৱলিৰ পাতল ওৰণি টানি সিঁচি দিলে
ভাদৰৰে গাতে আঁউজী
আহিনৰ শীতলতা
হাতৰ চাপৰতে নামঘৰৰ বাটচ'ৰাত
শুকুলা শৰতৰ বতৰা ।
ঠিকনাঃ গুৱাহাটী







