স্বাৰ্থলোভী......✍ জ্ঞানশ্ৰী গগৈ

বুকুত সুবিধাবাদী কলুষতাৰে
মলিন কৰাৰ গোপন হেঁপাহ বান্ধি,
উচ্চতাৰ শিখৰত উজলাই
আগুৱাই লৈ যাব বিচৰা,
ক'লা চশমাৰ আঁৰৰ অশ্লীল চকুযুৰিৰ
সেই ভদ্ৰলোকজন।
চিঃ...ওকালি আহে,
আপোনাৰ জীৱনৰ সংজ্ঞা বুজিব পাৰি।

আপুনি হয়তো ভাবিছিল,
আপোনাৰ সুবিধাবাদী স্বাৰ্থপৰ মনটোক
জাগ্ৰত কৰি,
দুদিনৰ ভুৱা প্ৰশংসাৰে
যোগ্যতাক বিক্ৰী কৰি
জীৱনৰ মাদকতা ন'লৈ
মই নিকৃষ্ট পথিক হ'ম।
আৰু হয়তো ভাবিছিল
আপোনাৰ অবিহনে
মই ছাগৈ হৈ পৰিম মৰিশালি
হৈ পৰিম নিস্তব্ধ.......।

হাঃহাঃ.....
অজানিতেই মুখত হাঁহি এটাই খেলি যায়।
হে ভদ্ৰলোক,
আপুনি হয়তো জানিও অজ্ঞ,
মামৰ যে কেতিয়াও হীৰা হ'ব নোৱাৰে…।