ক'ত হেৰাল......✍ ৰুপক বৈশ্য

সেউজীয়াবোৰ নাই বাবেই
তাই গান গাবলৈ এৰিলে,
উচ্চ জখলাবোৰ জ্বলাই দিয়া বাবেই
সিহঁতে বগাবলৈও এৰিলে

তেওঁ এতিয়া নাই বাবেই
সিহঁত নাইকীয়া হ'ল,
সিহঁত পানী প্ৰাণীৰ প্ৰাণ
সিহঁতক ৰক্ষা কৰাই আমাৰ জয়গান৷

বৰষুণজাক নাই বাবেই
আগ্নেয়গিৰিৰ বিস্ফোৰণ
এতিয়া উকা কাগজত৷