প্ৰেমৰ নামত বেপাৰ কৰা সকলে ভাৱে
প্ৰেম গছৰ ফল
যেতিয়াই মন যাব পাৰি খাব
নতুবা বিক্ৰী কৰি দিব
সিহঁতে নাজানে প্ৰেম এজাক সেউজীয়া বতাহ
সৰগৰ খিৰিকী খুলি ই মৰতলৈ নামি আহিছে
মৰতৰ দূূবৰিত নিয়ৰ হৈ ফুলিবলৈ
প্ৰেমত জানো চলে জোৰ যাৰ মুলুক তাৰ প্ৰবাদটো
ইয়াক লাগে কোমল হৃদয়
প্ৰেমৰ ফুল শিলতো ফুলে
প্ৰেমৰ আছে বেলিমুৱা গতি
ৰজাও প্ৰেমত পৰিব পাৰে
প্ৰজাও প্ৰেমত পৰিব পাৰে
প্ৰেমৰ কোনো জাতি বিচাৰ নাই
যেনেদৰে প্ৰেমত পৰিছিল খাচীয়া ৰাণী কা-মহোদয়ে
গৰখীয়া মানিক ৰাইটঙৰ চৰটিৰ সুৰত
তুমি তোমাৰ গতিপথত
নতুবা গৰখীয়া পথাৰৰ বঁকিয়াদি যাওঁতে
নতুবা নৈ বুকুত বণিজৰ নাওঁ মেলি দিওঁতে
নতুবা সাগৰীয়া চৰাইজাক জাকি মাৰি উৰি যাওঁতে
প্ৰেমৰ পৃষ্ঠাবোৰ পায় যাব পাৰা
তাত তুমি লিখি যাব পাৰা
প্ৰেমৰ কবিতা
যি প্ৰেমে মৰুভূমিতো বীজ সিঁচি কঠীয়া গজাব পাৰে।
প্ৰেম গছৰ ফল
যেতিয়াই মন যাব পাৰি খাব
নতুবা বিক্ৰী কৰি দিব
সিহঁতে নাজানে প্ৰেম এজাক সেউজীয়া বতাহ
সৰগৰ খিৰিকী খুলি ই মৰতলৈ নামি আহিছে
মৰতৰ দূূবৰিত নিয়ৰ হৈ ফুলিবলৈ
প্ৰেমত জানো চলে জোৰ যাৰ মুলুক তাৰ প্ৰবাদটো
ইয়াক লাগে কোমল হৃদয়
প্ৰেমৰ ফুল শিলতো ফুলে
প্ৰেমৰ আছে বেলিমুৱা গতি
ৰজাও প্ৰেমত পৰিব পাৰে
প্ৰজাও প্ৰেমত পৰিব পাৰে
প্ৰেমৰ কোনো জাতি বিচাৰ নাই
যেনেদৰে প্ৰেমত পৰিছিল খাচীয়া ৰাণী কা-মহোদয়ে
গৰখীয়া মানিক ৰাইটঙৰ চৰটিৰ সুৰত
তুমি তোমাৰ গতিপথত
নতুবা গৰখীয়া পথাৰৰ বঁকিয়াদি যাওঁতে
নতুবা নৈ বুকুত বণিজৰ নাওঁ মেলি দিওঁতে
নতুবা সাগৰীয়া চৰাইজাক জাকি মাৰি উৰি যাওঁতে
প্ৰেমৰ পৃষ্ঠাবোৰ পায় যাব পাৰা
তাত তুমি লিখি যাব পাৰা
প্ৰেমৰ কবিতা
যি প্ৰেমে মৰুভূমিতো বীজ সিঁচি কঠীয়া গজাব পাৰে।







