মোৰ দুখৰ আলিটো গৈ গৈ
শেষ হয় তোমাৰ সুখৰ ঠিকনাত
অতীতক পাহৰি যোৱাৰ স্বাৰ্থত
বাট বুলাও অনিশ্চয়তাৰ বাটেদি৷
জানো…
বিষাদে আৱৰি ধৰিলেও
কোনো নাই সাবটিবলে
আশা…
মোৰ নিদ্ৰাহীন দুচকুতো
বুলাব সাধনাৰ উষ্ণতা
আলফুলে নিবেদিব মৰম
বুকুৰ পৰা বুকুলৈ বোৱাই দিব
বিশ্বাসৰ নৈ
হৃদয়ত বাজি উঠিব ভালপোৱাৰ গান৷
ঠিকনাঃ গোৱালপাৰা
দূৰভাষঃ ৯৪৩৫২ ৩৭৯৭২
শেষ হয় তোমাৰ সুখৰ ঠিকনাত
অতীতক পাহৰি যোৱাৰ স্বাৰ্থত
বাট বুলাও অনিশ্চয়তাৰ বাটেদি৷
জানো…
বিষাদে আৱৰি ধৰিলেও
কোনো নাই সাবটিবলে
আশা…
মোৰ নিদ্ৰাহীন দুচকুতো
বুলাব সাধনাৰ উষ্ণতা
আলফুলে নিবেদিব মৰম
বুকুৰ পৰা বুকুলৈ বোৱাই দিব
বিশ্বাসৰ নৈ
হৃদয়ত বাজি উঠিব ভালপোৱাৰ গান৷
ঠিকনাঃ গোৱালপাৰা
দূৰভাষঃ ৯৪৩৫২ ৩৭৯৭২







