ধৰ্ষণ!
বুকুত খুন্দা মাৰি জৰাজীৰ্ণ কৰা
এক 'জঘন্য কাণ্ড'
যাৰ শব্দই আজি
বিশ্বব্ৰহ্মাণ্ড কঁপাই তুলিছে
নাৰীৰ আজি নিৰাপত্তা নাই, নাই সন্মান,
যাৰ গৰ্ভত প্ৰাণ পাই পৃথিৱী
যিয়ে জন্ম দিয়ে ধৰিত্ৰীৰ সন্তান
সেই নাৰী আজি লঞ্চিত
নৰ-পিশাচৰ স্পৰ্শত নাৰী আজি অপবিত্ৰ
মাতৃ, পত্নী, ভাতৃ, ভগ্নী
শব্দবোৰৰ অস্তিত্ব যেন আজি শূন্যৰ সমান,
ধৰ্ষণৰ বলি হোৱা নাৰীৰ হৃদয়ত আজি
বতাহে প্ৰচণ্ড আঘাত সানিছে
শিক্ষাৰ দিশত আজি উন্নত হৈয়ো
মানৱীয়তা পিছপৰি আছে,
ধৰ্ষণ, হিংসা, ঘৃণা, অবিশ্বাসৰ মাজত
মানৱীয়তা আজি বন্দী৷
সেইবাবে আজি কবিতাৰ মাজেৰে
মানৱীয়তাক মোৰ আকুল আহ্বান
নাৰীক জীয়াই থাকিব দিয়া
জীৱনৰ আনন্দক উপলব্ধি কৰিব দিয়া
মুকলি আকাশত উৰিব দিয়া
নাৰীক তুমি সন্মান দিয়া৷
নাম: বনশ্ৰী বাউৰী
ঠিকনা: কাজিৰঙা
বুকুত খুন্দা মাৰি জৰাজীৰ্ণ কৰা
এক 'জঘন্য কাণ্ড'
যাৰ শব্দই আজি
বিশ্বব্ৰহ্মাণ্ড কঁপাই তুলিছে
নাৰীৰ আজি নিৰাপত্তা নাই, নাই সন্মান,
যাৰ গৰ্ভত প্ৰাণ পাই পৃথিৱী
যিয়ে জন্ম দিয়ে ধৰিত্ৰীৰ সন্তান
সেই নাৰী আজি লঞ্চিত
নৰ-পিশাচৰ স্পৰ্শত নাৰী আজি অপবিত্ৰ
মাতৃ, পত্নী, ভাতৃ, ভগ্নী
শব্দবোৰৰ অস্তিত্ব যেন আজি শূন্যৰ সমান,
ধৰ্ষণৰ বলি হোৱা নাৰীৰ হৃদয়ত আজি
বতাহে প্ৰচণ্ড আঘাত সানিছে
শিক্ষাৰ দিশত আজি উন্নত হৈয়ো
মানৱীয়তা পিছপৰি আছে,
ধৰ্ষণ, হিংসা, ঘৃণা, অবিশ্বাসৰ মাজত
মানৱীয়তা আজি বন্দী৷
সেইবাবে আজি কবিতাৰ মাজেৰে
মানৱীয়তাক মোৰ আকুল আহ্বান
নাৰীক জীয়াই থাকিব দিয়া
জীৱনৰ আনন্দক উপলব্ধি কৰিব দিয়া
মুকলি আকাশত উৰিব দিয়া
নাৰীক তুমি সন্মান দিয়া৷
নাম: বনশ্ৰী বাউৰী
ঠিকনা: কাজিৰঙা







