তোমাৰ নামত......✍ জোন গগৈ চেতিয়া

মাথোঁ তোমাৰ নামত
এটি কবিতা লিখো
বুলিলেই জানো লিখিব পাৰো ?
শব্দৰ গাঁথনিয়ে জানো
কবিতা সৃষ্টি হ'ব পাৰে !

শুনিছো কবিতাত আৱেগ
অনুভূতি লাগে,
কবিতা লিখো বুলিও
তোমাৰ নামত কবিতা
লিখিব নোৱাৰিলো৷

এতিয়াচোন প্ৰেমৰ কবিতা
লিখিব ল'লেই বুকুত,
বাজি উঠে বিষাদৰ বাঁহীৰ সুৰ
উশাহবোৰ হুমুনিয়াহ হৈ বৈ আহে৷
ক'ত গ’ল সেই দিনবোৰ
ক'ত গ'ল সেই কৃষ্ণচূড়াৰ ৰঙা ৰংবোৰ!
য'ত আমাৰ মৌন হৃদয়েও
কথা পাতিছিল৷

তথাপিও হৃদয়ৰ গভীৰতালৈ জুমি চালো
কিজানিবা পাওঁৱে শব্দ বিচাৰি,
পয়োভৰ হৃদয়ত শব্দৰ উদুলি- মুদুলি
লিখো বুলি ল'লেই তোমাৰ নামত কবিতা
শব্দবোৰ চোন আঁতৰি গুচি যায়,
সৌ নীল আাকাশৰ বুকুত
এচমকা ডাৱৰ হৈ থাকিবলৈ৷

ডাৱৰক হাকুটি লগাই
নমাই আনিব খুজিলেও,
বাধা দিয়ে মোক মোৰ আত্মতত্ত্বই!
জুইৰ আঙনিত বাগৰি ফুৰা
মোৰ শব্দই এতিয়া
আকাশত ডাৱৰ হৈ থাকিব খোজে৷

সেয়েহে আৰু কোনোদিনেেই নক'বা মোক
তোমাৰ নামত কবিতা লিখিবলৈ৷

ঠিকনাঃ চাবুৱা