স্নিগ্ধা জোনাক বিচাৰি......✍ বৰ্ণালী শ্যাম

কাৰ অভিশাপত অভিশপ্ত
মোৰ এই নিশাবোৰ !
নিশাৰ নিৰ্জনতা ভাঙে
কোনোবা পক্ষীৰ ডেউকাৰ ধপধপনিত …

এনেকৈয়ে পাৰ কৰো
প্ৰতিটো নিশা মই বিনিদ্ৰ ৰজনীত।

দূৰৈৰ …চিফুঙৰ সুৰতো শুনো
বিষাদৰ ঐনিতম !!
এন্ধাৰৰ হাতত হাত ধৰি
মই ঘূৰি ফুৰো প্ৰতিটো নিশা
তোমাৰ সন্ধানত

এতিয়াও
যে মই অক্লান্ত …
এমুঠি জোনাক বিচাৰি
উদ্মাত মোৰ দুবাহু,

নাঙঠ শিমলু-পলাশৰ ফেৰেঙনিৰে নামি অহা
জোনাকক মই চুই চাব খোজো

পামনে বাৰু বিচাৰি এন্ধাৰত
এমুঠি স্নিগ্ধ জোনাক ?