প্ৰিয়তমলৈ চিঠি......✍ ৰিজু হাজৰিকা

প্রিয়তম,
বহুদিন হৈ গ'ল
তোমাক লগ নোপোৱা
বুকুত লৈ ফুৰিছো
বহু কথা তোমাক ক'বলৈ
পোৱা - নোপোৱা আৰু
পাই হেৰুৱাৰ বহু গোপন ব্যথা
যোৱাবাৰ
শেৱালি ফুলাৰ সময়ত
তুমি অহাৰ কথা আছিল
কিন্তু....
শেৱালিবোৰ যে আকৌ ফুলিল
দূবৰিৰ বুকুত
শুকুলা দলিচা পাৰিবলৈ

কপৌ ফুলাৰ সময়ত
এবাৰ আহিবা বুলি
বাট চাইছিলো তোমালৈ
তেতিয়া তুমি হেনো
কৃষ্ণচূড়াৰ তলত বহি
কোনোবা অচিনাকি গাভৰুক লৈ
কবিতা লিখিছিলা
প্রেমেৰে সিক্ত কবিতাবোৰে
বতাহত ঠেকা খাই
মোৰ বুকুত খুন্দিয়াইছিল
পাহৰি পেলাইছিলো
জাৰ- গৰম পুৱা- গধুলি
পাহৰি পেলাইছিলো
ব'হাগৰ মিঠা গোন্ধ৷
বাৰিষাৰ বৰষুণজাকে
এবাৰ কৈছিল কাণে কাণে
তুমি অহাৰ কথা
ভৰ বাৰিষাৰ কেঁচা মাটিৰ গোন্ধত মতলীয়া হৈ
সপোন দেখিছিলো
আঘোণৰ পথাৰত সোণগুটি বুটলাৰ
এই কথাবোৰ ক'বলৈকে
বাট চাই আছো তোমালৈ
পুৱতি নিশালৈকে
শেতেলি তিয়াই
প্রিয়তম
মন নাযায়নে তোমাৰ
মুকলি আকাশৰ তলত ৰৈ
পাখিত পাখি লগাই
উৰি ফুৰা চৰাইহাল চাবলৈ

মোৰ এতিয়া
ধুমুহাৰ সতে সহবাস
বুকুত এসাগৰ ভালপোৱা
বহু ৰঙীন স্বপ্ন....
এখন নতুন পৃথিৱীৰ বতৰা লৈ....
বাট চাইছো তোমালৈ
তুমি ওভতি আহিলেই
আকৌ মেৰিয়াই লম
ৰঙা ৰিহাখন
বুকুত ফুলিব আমাৰ
এপাহ তেজৰঙা গোলাপ৷

ঠিকনাঃ বোকাখাত