দেউতা......✍ কৰিণা ডেকা

প্ৰকাশৰ পোহৰ নপৰা
সেই এন্ধাৰৰ একোণত,
পৰিমাপহীন বিষাদৰ একোখন মহাকাব্য লৈ ৷
বোবা হৈ থাকো বন্ধ কোঠালীত
তোমাৰ ফটোখন চাওঁ,
অকলে অকলে কথা পাতো তোমাৰ লগত৷

কেতিয়াবা নিজকে পাগলী যেন লাগে,
জানা দেউতা
তোমাৰ মৰম পাবলৈ মন যায় ৷
আৰু কি জানা দেউতা,
মোৰ মন যায়
এটা ঘৰ বনাম
য'ত তুমি, মা আৰু মই থাকিম ৷
কিন্তু হঠাৎ এদিন সেই সপোনবোৰ মোৰ ভাঙি গ'ল,
তোমাৰ হাঁহিটোলৈ মনত পেলাই
তুমি থাকা বুলি সান্তনা লওঁ৷

ঠিকনাঃ গণেশগুৰি, গুৱাহাটী