সোণেৰে গঢ়া অামাৰ এই অসম......✍ মালবিকা দিহিঙ্গীয়া

সোণেৰে গঢ়া আমাৰ এই অসম
এই অসমতেই জন্ম হৈছিল কুশল কোঁৱৰ,
মনিৰাম দেৱানৰ দৰে পুৰুষ৷
কনকলতাৰ দৰে নাৰী,
যিয়ে নিজৰ দেশৰ কাৰণে দিছিল আত্মবলিদান৷

কিন্তু কিয়?
আমাৰ এই সোণৰ অসমখনক
সকলোৱে কাঢ়ি নিব খোজে?
কিয় এই অসমক লৈ
টনা- আজোৰা হয় ?
এই টনা -আঁজোৰাৰ ফলতে
ক'ত অসমীয়া পুৰুষ-নাৰীৰ
কেঁচা তেজ মাটিত মিহলি হ'ল ৷
পিছে কোনে এই তেজৰ ধাৰ মাৰিব!
কোনে এই অসমক বচাবলৈ অহা
নাৰী পুৰুষৰ কলিজাৰ জুই নুমুৱাব?
পাৰিব কোনোবাই?
ইমান দিনে বৈ অহা সেই নদীখন
আকৌ ওলোটাকৈ ব'ব ধৰিছে ৷
বাংলাদেশীয়ে অসমত ভৰি দিছে ৷
শুনা বন্ধুসকল,
অতীত আকৌ ঘূৰি আহিছে ৷
কোনে জানে কাৰ স্থান হ'ব অসমত ?
অসমীয়া নে বাংলাদেশী?

কোনে এই দেশৰ ঘাই- খুটা চাব?
কেইবছৰমানৰ ভিতৰত তাৰেই প্ৰমাণ পোৱা যাব৷
হে অসমীয়া ডেকাসকল
হে অসমীয়া নাৰী সকল
তোমালোকে সাৰ পায়ো
চকুমুদি টোপনিৰ ভাও নধৰিবা৷
অসম দেশ মৃত্যুৰ পথলৈ গৈছে…
এই দেশক বচোৱাৰ বাবে
আমাৰ সকলোৰে দায়িত্ব ৷
আহা সকলো
ওলাই আহা
জয় আই অসম বুলি কৈ
বাংলাদেশীক অসমৰ পৰা বাহিৰ কৰো আহা৷