দুখ......✍ ৰিংকুমণি গৈ

আনে নেদেখা দুখ
আনে নুবুজাৰ দুখ
আনে নুশুনাৰ দুখ
আনে নোকোৱাৰ দুখ
আনে দিয়া দুখ
আনে নিদিয়াৰ দুখ
আনক নিদিয়াৰ দুখ
আনক নোকোৱাৰ দুখ
কিবা নোপোৱাৰ দুখ
পায় হেৰুৱাৰ দুখ
দুখ পোৱাৰ দুখ
দুখ, দুখ, দুখ আৰু দুখ
দুখতে মজিছো
দুখবোৰ গোপনে গুপুতে সাবটিছো
চকুলো এটুপিৰে নীৰৱে সামৰিছো
দুখ সুখেই জীৱন বুলি সান্তনা লভিছো
জীয়াই আছো
জীয়াই থাকিম
ওৰেটো জীৱন .......

এনেকৈয়ে থাকেনে বাৰু দুখ আনৰো!

ঠিকনাঃ কাকপথাৰ, তিনিচুকীয়া