এটা প্ৰেমৰ পদ্য......✍ মধুস্মিতা বড়া

স্বপ্ননীল !
সুখী হ'ব পৰাকৈ মই তোমাৰ দুচকুত
সিচিব নোৱাৰিলোঁ ভালপোৱাৰ কঠীয়া
দুখৰ বাটত হেৰাল মোৰ সুখৰ ঠিকনা

স্বপ্ননীল !
ধুমুহা এজাক পাৰ হৈ যোৱাৰ পিচত
এদিন তুমি হাঁহি সিচিছিলা মোৰ বিষণ্ণ দুচকুত
আৰু টুপটুপকৈ সৰিছিল মোৰ শুকান বুকুত
তোমাৰ প্ৰেমৰ আকুল অনুৰাগ

তুমি সুধিছিলা
প্ৰেম যদি কিনিব পৰা হ'লে ?
মই কৈছিলো
তোমাৰ ওচৰত বিক্ৰী হৈ গ'লোহেঁতেন !
দুখবোৰ যদি বিক্ৰী হ'লহেঁতেন ?
মই কৈছিলো
তোমাৰ পৰা কিনি ল'লোহেঁতেন !
তুমি সুধিছিলা কেনেকৈ ?
মই কৈছিলো
জীৱনটো মৃত্যুৰ ওচৰত বন্ধকীত থৈ !

আহ ! স্বপ্ননীল
হাঁহো নাহাঁহোকৈ ভাৱনাত কথা কৈ
আমনি নকৰিবানা মোক
দুখৰ এন্ধাৰত বিপথে যোৱা বদনামি কবি মই
তোমাক হাঁহি উপহাৰ দিবলৈ
মোৰ বুকুত সুখৰ অভাৱ

তথাপি,
তথাপি প্ৰতিদিনে হিয়াৰ কোণত
তোমাকেই কঢ়িয়াই ফুৰিছো
নিসংগতাই বুকুখন হেঁচি ধৰিলে
স্মৃতিৰ এলবাম খুলি তোমাৰ ছবিকে চাম
দুখৰ দিনত সুখৰ স্মৃতি হৈ
তুমি মোক নিচুকাবা
স্বপ্ননীল

স্বপ্ননীল …………
মোৰ এন্ধাৰ ৰাতিবোৰৰ তুমিয়েই
এমুঠি স্নিগ্ধ জোনাক৷

ঠিকনাঃ নতুন দিল্লী