সপোন......✍ ডলী বড়া

সকলোৰে মন যায়
সপোন দেখিবলৈ ৷
কিন্তু, মন গ'লেই জানো সম্ভৱ হয় সকলো ৷
কেতিয়াবা আনৰ বাবেও ত্যাগ কৰিবলগীয়া হয়
সকলো সপোন, সকলো আশা৷

মন যায় কেতিয়াবা
সপোনবোৰ বাস্তৱ ৰূপ দিবলৈ,
কিন্তু, মন গ'লেই জানো সম্ভৱ হয় সকলো
হয়তো মোৰ সপোন সপোন হৈয়ে ৰ'ব ৷