অনন্ত কাল জুৰি
জীৱন জন্মৰ প্রসৱ বেদনাৰে
ভাৰাক্রান্ত তেওঁ!
জ্বলন্ত তেজেৰে
গঢ়ে, জন্ম দিয়ে, চেতনা দিয়ে,
তেওঁ সংযোগ কৰে৷
মৃত্যুও তেওঁৰেই প্রতিনিয়ত খেল৷
অসংখ্যযোজন বাট জুৰি
ব্যাপ্ত ব্রক্ষ্মাণ্ড তোমাৰেই৷
প্রশ্ন হয় তোমালৈ,
কিয় পৃথিৱীত অতৃপ্তিৰ ৰাতিবোৰ নুপুৱায় ?
আকৌ বোলে
পৃথিৱীখন বৰ সুন্দৰ,
তেন্তে সংঘৰ্ষৰ কবলত কিয় প্রকৃতি থৰক বৰক হয় ?
হাজাৰ প্রশ্ন হয় তোমালৈ
পাৰা যদি
গছপাতবোৰ সৰি পৰিব নিদিবা,
সৰাপাতৰো বিষাদ আছে,
আজীৱন শোকত উথলি উঠা উশাহেৰে
জীয়াই থাকিবলৈ কষ্ট হয়৷
সূৰ্য্যক জ্বলা যন্ত্রণা হ'বলৈ নিদিবা,
ৰ'দে আনে পোহৰৰ সপোন,
ছাঁ পোহৰৰ ৰঙীন ভালপোৱা
কঠিন হৈ থাকক জীয়া শিলবোৰ,
কঠিন বাস্তৱৰ দৰে৷
জীৱন জন্মৰ প্রসৱ বেদনাৰে
ভাৰাক্রান্ত তেওঁ!
জ্বলন্ত তেজেৰে
গঢ়ে, জন্ম দিয়ে, চেতনা দিয়ে,
তেওঁ সংযোগ কৰে৷
মৃত্যুও তেওঁৰেই প্রতিনিয়ত খেল৷
অসংখ্যযোজন বাট জুৰি
ব্যাপ্ত ব্রক্ষ্মাণ্ড তোমাৰেই৷
প্রশ্ন হয় তোমালৈ,
কিয় পৃথিৱীত অতৃপ্তিৰ ৰাতিবোৰ নুপুৱায় ?
আকৌ বোলে
পৃথিৱীখন বৰ সুন্দৰ,
তেন্তে সংঘৰ্ষৰ কবলত কিয় প্রকৃতি থৰক বৰক হয় ?
হাজাৰ প্রশ্ন হয় তোমালৈ
পাৰা যদি
গছপাতবোৰ সৰি পৰিব নিদিবা,
সৰাপাতৰো বিষাদ আছে,
আজীৱন শোকত উথলি উঠা উশাহেৰে
জীয়াই থাকিবলৈ কষ্ট হয়৷
সূৰ্য্যক জ্বলা যন্ত্রণা হ'বলৈ নিদিবা,
ৰ'দে আনে পোহৰৰ সপোন,
ছাঁ পোহৰৰ ৰঙীন ভালপোৱা
কঠিন হৈ থাকক জীয়া শিলবোৰ,
কঠিন বাস্তৱৰ দৰে৷







