(১)
কাক দেখি বুকুৰ সুমথিৰা পকিল ?
নখেৰে মাটিত লাজবোৰ আঁকোতে
হাতৰ মাকো সৰিল ?
(২)
পকা সুমথিৰাৰ দৰে দুপৰীয়া
কলিজাখন হেৰুৱালো
তোমাৰ চকুলৈ চাওঁতে
দুচকুত এপাহ
ৰঙা গোলাপ ফুলা দেখিলো৷
(৩)
ইমানবোৰ কথা হোৱাৰ পিচতো
কিবা যেন ৰৈ গ'ল
ডাঁহেচীয়া ভাৱনা এটাত
বুকুখন কঁপি থাকিল ওৰে ৰাতি
(৪)
কি আছিল সেই দুচকুত ?
কিহৰ ৰাগিত ডুবি আছিলো মই ?
আমি মৌন হৈয়ে আছিলো
অথচ মৌনতায়ো
কঁপাই আছিল হৃদয়৷
ঠিকনাঃ ডাঙৰী, তিনিচুকীয়া
দূৰভাষঃ ৯৯৫৪৫৫৭৮৮৬
কাক দেখি বুকুৰ সুমথিৰা পকিল ?
নখেৰে মাটিত লাজবোৰ আঁকোতে
হাতৰ মাকো সৰিল ?
(২)
পকা সুমথিৰাৰ দৰে দুপৰীয়া
কলিজাখন হেৰুৱালো
তোমাৰ চকুলৈ চাওঁতে
দুচকুত এপাহ
ৰঙা গোলাপ ফুলা দেখিলো৷
(৩)
ইমানবোৰ কথা হোৱাৰ পিচতো
কিবা যেন ৰৈ গ'ল
ডাঁহেচীয়া ভাৱনা এটাত
বুকুখন কঁপি থাকিল ওৰে ৰাতি
(৪)
কি আছিল সেই দুচকুত ?
কিহৰ ৰাগিত ডুবি আছিলো মই ?
আমি মৌন হৈয়ে আছিলো
অথচ মৌনতায়ো
কঁপাই আছিল হৃদয়৷
ঠিকনাঃ ডাঙৰী, তিনিচুকীয়া
দূৰভাষঃ ৯৯৫৪৫৫৭৮৮৬







