দুচকুত ভাঁজত একাঁজলি কাঁজল লৈ অাঁকিছিলো
মইও মোৰ অস্তিত্ব
চুলিটাৰিৰ মাজেৰে অাঁকিছিলো
অচিনাকিজনৰ নামৰ ৰঙা সেন্দূৰকণ
উভৈনদী মৰম বিশ্বাস সততাৰে
অাৰম্ভণি কৰিছিলো জীৱন নৈৰ এক সন্নিপথ
এৰা হিংসা ঘৃণা অভিশাপ
এইবিলাকৰ পৰা বহু অাঁতৰত
যেনিবা সপোন সপোন অাছিল
তাহানিৰ ভাললগা দিনবোৰ
কিন্তু যেন সময়ৰ ডেউলগা নৈয়ে সলালে
জীৱন নৈৰ উজাই যোৱা নাওৰ গতিবেগ
দিশহীন দিশহাৰা পাকচক্ৰত
সলনি হৈ গ'ল বৰ্তমান
অাই ও তোৰ সুখৰ বাবেই অাঁকিলো
শিৰৰ সোঁমাজত সেইজনাৰ নাম
হায়াৰ ছেকেণ্ডাৰী পাছ কৰিয়েই
উলিয়াই দিলি নতুন এঘৰলৈ
নুসুধিলি এবাৰো মই সুখীনে বাৰু
সপোনবোৰক উছৰ্গা কৰি সপি দিলো
একুৰা দপ্ দপীয়া জুইৰ সোঁতত
সুখী কৰিলো তঁহতক
উজাই দিলো সপোনৰ পানচৈ
সৌ নৈৰ বুকুত
শুনিচ অাই অাজি নিৰুপায় মই
অভিশপ্ত নাৰী সহি ৰৈছো মাথো
যন্ত্ৰণা শূন্যতাত শূন্য এবুকু যন্ত্ৰণা লৈ৷
মইও মোৰ অস্তিত্ব
চুলিটাৰিৰ মাজেৰে অাঁকিছিলো
অচিনাকিজনৰ নামৰ ৰঙা সেন্দূৰকণ
উভৈনদী মৰম বিশ্বাস সততাৰে
অাৰম্ভণি কৰিছিলো জীৱন নৈৰ এক সন্নিপথ
এৰা হিংসা ঘৃণা অভিশাপ
এইবিলাকৰ পৰা বহু অাঁতৰত
যেনিবা সপোন সপোন অাছিল
তাহানিৰ ভাললগা দিনবোৰ
কিন্তু যেন সময়ৰ ডেউলগা নৈয়ে সলালে
জীৱন নৈৰ উজাই যোৱা নাওৰ গতিবেগ
দিশহীন দিশহাৰা পাকচক্ৰত
সলনি হৈ গ'ল বৰ্তমান
অাই ও তোৰ সুখৰ বাবেই অাঁকিলো
শিৰৰ সোঁমাজত সেইজনাৰ নাম
হায়াৰ ছেকেণ্ডাৰী পাছ কৰিয়েই
উলিয়াই দিলি নতুন এঘৰলৈ
নুসুধিলি এবাৰো মই সুখীনে বাৰু
সপোনবোৰক উছৰ্গা কৰি সপি দিলো
একুৰা দপ্ দপীয়া জুইৰ সোঁতত
সুখী কৰিলো তঁহতক
উজাই দিলো সপোনৰ পানচৈ
সৌ নৈৰ বুকুত
শুনিচ অাই অাজি নিৰুপায় মই
অভিশপ্ত নাৰী সহি ৰৈছো মাথো
যন্ত্ৰণা শূন্যতাত শূন্য এবুকু যন্ত্ৰণা লৈ৷







