বন্ধুত্ব......✍ কৃষ্ণা জ্যোতি জোনাক দাস

ফুলৰ দৰে কোমল তুমি
কেতিয়াবা ব্ৰজতকৈ কঠিন তুমি
বহুতৰ বাবে প্ৰেৰণা যদিও
আন কাৰোবাৰ বাবে ধ্বংসৰ মূূল তুমি৷

অন্ধকাৰ জীৱনত এডাল
মমৰ দৰে পোহৰ দিয়া
য'ত বয়সৰ কোনো সীমা
নাই কিয়া তুমি৷

চৰাই দৰে আকাশত উৰিবলৈ নিশিকোৱা
মাছৰ দৰে পানীত
সাঁতুৰিবলৈ নিশিকোৱা
দুখৰ সময়ত নিসংগ হৈ পৰিলে
এজন সঁচা মৰম, শ্ৰদ্ধাৰ আৰু বিশ্বাসেৰে
সংগ দিয়া তুমি৷

জীৱনৰ সুখ-দুখ, খং অভিমান, হাঁহি, কান্দোন
সকলো সমানে ভাগ কৰি জীৱনৰ প্ৰতিটো
মুহূৰ্ত হাতত থৈ
খোজত খোজ মিলাই যোৱা তুমি৷

অপকটে ভুল শুদ্ধই স্বীকাৰোক্তি দিব পৰা
যাৰ প্ৰেৰণাৰ অবিহনে
জীৱনৰ প্ৰতিটো কৰ্মই মূল্যহীন৷

বন্ধুত্ব
তুমি জীৱনৰ সঁচাকৈয়ে
এডাল মমৰ দৰে পোহৰ দিয়া
সঁচা অন্তৰৰ পবিত্ৰ স্থান৷

ঠিকনাঃ যোৰহাট, মালৌপথাৰ