হৃদয় গোপন চিঠি......✍ জান বৰদলৈ

তোমালৈকে মোৰ শেষৰ চিঠি হয়তো তুমি ভাবিছা
তোমাৰ অনিচ্ছা সত্বেও মই এইখন চিঠি কিয়
তোমালৈকে পঠিয়াই দিলোঁ।

হয়তো তুমি চিঠিখনত মোৰ নামটো দেখি পঢ়িবলৈ ইচ্ছা
নকৰিবা এনেকৈ ক'ৰবাত পেলাই দিবলৈ মন যাব অনুগ্ৰহ কৰি এনে নকৰিবা ইচ্ছাকৃতভাৱে নহ'লেও
মাথোঁ এবাৰ বাবে মনত নোলোৱাকৈ
পঢ়ি চাবা প্লীজ সোণ

শেষ বাৰৰ বাবে তোমাৰ আৰু মোৰ
ফটোখন চাবলৈ ওলাইছো
মনটোৱে দেখোন জাঙুৰ খাই উঠিল
এয়ে যে পৰিসমাপ্তি আমাৰ সম্পৰ্ক নহয় নে সোণ

নাজানো কাৰ ভুল আছিল
তোমাৰ নে মোৰ?
মাথো সাধাৰণ অজুহাত দেখুৱাই আঁতৰি গ'লা তুমি!

কেতিয়াও ভবা নাছিলোঁ যে
আমাৰ সম্পৰ্ক পৰিসমাপ্তি ঘটিব বুলি,
এৰা হয়তো বিধাতাৰ লিখন অ' সোণ

চোৱা না?
তুমি আঁতৰি যোৱা পৰাই
মই বৰ অকলশৰীয়া হয় পৰিলো
একমাত্ৰ হৃদয়ৰ কথাবোৰ বুজি পোৱা মানুহজনী
তুমিয়েইতো আছিলা!

বাকী কোনে বুজিব
সকলোৰে ভাবে মই এজন নষ্ট চৰিত্ৰৰ ল'ৰা

সোণ কি কৰিম কোৱা ?

সোণাৰু ফুলবোৰৰ দৰে
হালধীয়া নহয় জীৱনটো
তুমি যোৱা দিনৰ পৰাই
মই বাকৰুদ্ধ হয় পৰিছো

শতজনমত এনে কি পাপ কৰিলো
তোমাক পায়ো হেৰুৱাব লগা হ'ল
হয়তো এৰা নিয়তিৰ খেলা

সোণ তুমি আহিবা বুলি
সোৱণশিৰি পাৰত বহি নিসংগ নিশ্বাস এৰিছো ...
স্নিগ্ধ জোনাকত হাঁহি চম্পাত
ফুলবোৰ মতলীয়া হয় তোমাৰ অপেক্ষাত
কতযে বসন্ত বাগৰিল
তুমি আহিবা বুলি
সন্ধিয়া বকুল জপি তলতে ৰৈ ৰৈ
সাক্ষী মাথো ঋতু ...!

এৰা মই সঁচাকৈয়ে ভুল কৰিছো নেকি?
তোমালৈ অপেক্ষা কৰি!
কাৰোবাৰ মৰমক ভৰিয়ে মোহাৰি
নালাগে তুমি আহিব,

মাথো সুখী হোৱা তুমি
তোমাৰ ছবিবোৰে সোঁৱৰণি স্মৃতি
জীপাল কৰি ৰাখোো মোৰ হৃদয়ত
আৰু নিলিখো সোণ
তোমাৰ পৰা চিৰ বিদায় মাগিম
সেয়েহে শেষৰ অন্তিম খন চিঠি তোমালৈ....

ইতি
তোমাৰ আধৰুৱা প্ৰেমিক মই