মূলতঃ
সলনি কৰিলে অস্বাভাৱিক গতিপথ
উজ্জ্বলিল সাৰে থকা বাঙ্ময়ী শব্দ
এন্ধাৰত জিলিকি উঠা বাটত
অলংকিত হ'ল প্ৰেমৰ ৰং
এতিয়া শূন্যতাৰ সেমেকা সন্ধিয়াত
নাবাজে ধুমুহাৰ গান
ধূূসৰ নহয় আৰু কোনোদিনেই হাঁহিৰ সীমনা
স্পষ্টতঃ
গোন্ধ হৈ ৰ'ল প্ৰকৃত উৎস
গভীৰৰ পৰা গভীৰ হ'ল বিশ্বাস
অথবা সপোন ৰচা দুচকু
য'ত গঢ় ল'লে নিভাঁজ স্নেহে
সঁচা প্ৰাণত জী উঠিল অলস ভাৱনা।
সলনি কৰিলে অস্বাভাৱিক গতিপথ
উজ্জ্বলিল সাৰে থকা বাঙ্ময়ী শব্দ
এন্ধাৰত জিলিকি উঠা বাটত
অলংকিত হ'ল প্ৰেমৰ ৰং
এতিয়া শূন্যতাৰ সেমেকা সন্ধিয়াত
নাবাজে ধুমুহাৰ গান
ধূূসৰ নহয় আৰু কোনোদিনেই হাঁহিৰ সীমনা
স্পষ্টতঃ
গোন্ধ হৈ ৰ'ল প্ৰকৃত উৎস
গভীৰৰ পৰা গভীৰ হ'ল বিশ্বাস
অথবা সপোন ৰচা দুচকু
য'ত গঢ় ল'লে নিভাঁজ স্নেহে
সঁচা প্ৰাণত জী উঠিল অলস ভাৱনা।







