সমাজৰ ঠেক গণ্ডীৰে বৈ অহা অন্ধবিশ্বাসৰ নৈখন সাঁতুৰিবলৈ সিহঁতে সুবিধাই নাপালে। কোনোবা এটি কোবাল সোঁতে চিঙি দিলে দুয়োৰে সপোনৰ চিৰযুগমীয়া এনাজৰী। সমাজৰ বিচাৰত উচ্চকুলীয়া ৰাগ আৰু নিম্নকুলীয়া অনুৰ কল্পনাৰ সংসাৰখনি অবাস্তৱ হৈয়ে ৰ'ল।
- অনু, তোৰ শিৰত আবেলিৰ হেঙুলী বেলিটো পিন্ধাম। - ৰাগৰ সপোনৰ বেলিটো হঠাতে মাৰ গ'ল সমাজৰ ঠেক আলিয়েদি।
- তাই এইখন ঘৰৰ বোৱাৰী হৈ আহিলে মোৰ মৰা মুখ দেখিবি...! - এফালে মাক আনফালে প্ৰেয়সী অনু। মাজত সমাজৰ বৰলুইত।
দূৰভাষঃ ৭০৮৬৩০৬৫২৯








