মানুহ সামাজিক প্ৰাণী । সমাজৰ প্ৰতিজন ব্যক্তিয়ে সামাজিক ভাৱে জীয়াই থাকিব কাৰণে নানান ধৰণৰ কাৰ্যকলাপৰ লগত জড়িত হৈ থাকে । লগতে মানুহৰ সপোনবোৰো অসীম হোৱা হেতুকে সমাজত প্ৰতিজন ব্যক্তিয়ে নিজকে ভিন্ন ভিন্ন ৰূপত বা স্থানত প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু ব্যক্তিজনে নিজকে ভিন্ন স্থানত বা ৰূপত প্ৰতিষ্ঠা কৰাটো ব্যক্তিজনৰ কাৰণে কোনো অপৰাধ বা কোনো বেয়া কথাও হ'ব নোৱাৰে । কিন্তু কথা হ'ল যে, মানুহজনে নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰিছে ভিন্ন ৰূপত বা ভিন্ন স্থানত । উদাহৰণস্বৰূপে- এজন ব্যক্তি তেওঁ জীৱন কালত বা একে সময়তে বহু প্ৰতিভাসম্পন্ন গুণেৰে নানান ধৰণৰ কাৰ্যকলাপ কৰিব পাৰে । তেওঁ কেতিয়াবা এজন অভিনেতা, নৃত্য শিল্পী, চিত্ৰ শিল্পী, ছাত্ৰ হিচাপে পঢ়া- শুনা বা সমাজৰ নানান ধৰণৰ কাৰ্যকলাপৰ যোগেদি নিজক প্ৰতিষ্ঠা কৰিব পাৰে । কিন্তু কথা হ'ল যে, ব্যক্তিজনে কোনটো স্থানত নিজকে কি ৰূপত প্ৰতিষ্ঠা কৰিছে৷
দেখা পোৱা যায় যে, এজন শিল্পী, কবি, সাহিত্যিকৰ কোনো জাতি, বৰ্ণ, ধৰ্ম, জাত-পাত আদি বিচাৰ নাথাকে৷ তেওঁলোকে সমান্তৰালভাৱে সকলো শ্ৰেণী মানুহৰ লগত মিলি সমাজৰ গঠনমূলক কাম- কাজ, সৃষ্টিশীল ভাৱনাৰে সমাজৰ প্ৰতিটো কাৰ্যকলাপৰ লগত জড়িত হৈ থাকে আৰু তেওঁলোকৰ কাৰ্যকলাপ, সৃষ্টিৰাজি, চিন্তা-ধাৰণা এদিন সমাজৰ কাৰণে আদৰ্শ চিনস্বৰূপ হৈ পৰে৷
তেনেদৰে আপুনিও যদি নিজকে ভিন্ন স্থানত বা ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰে, তেন্তে প্ৰথমে আপুনি নিজক ভালদৰে জানি লওক বা আপুনি যিটো ৰূপত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে, সেই বিষয়টো ওপৰত ভালদৰে জানি লওক। তেতিয়া আপুনি নিজকে ভিন্ন ৰূপত প্ৰতিষ্ঠা কৰোতে কোনো অসুবিধা সন্মুখীন হ'ব লগা নহ'ব। আপুনি যিটো কাৰ্যত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেনেদৰে আপুনি আপোনাৰ কৰ্মৰাজি, ব্যক্তিত্ব আৰু ব্যৱহাৰ পাতিও সলনি কৰিব লাগিব৷ আপুনি যদি নিজকে এজন কবি, সাহিত্যিক ৰূপে এটা সাহিত্য অনুষ্ঠানত প্ৰতিষ্ঠা কৰিব বিচাৰে৷ তেন্তে আপুনি সেই সময়খিনি বাবে আপোনাৰ সৃষ্টিৰাজি অবিহনেও আপুনি নিজকে এজন নম্ৰ, ভদ্ৰ, চিন্তাশীল ব্যক্তি দৰে প্ৰতিষ্ঠা কৰক। আপুনি যদি এটা ধৰ্মীয় অনুষ্ঠান যেনে- নামঘৰৰলৈ যাব বিচাৰে এজন ধৰ্মপ্ৰাণ ব্যক্তি বা ভকত হিচাপে নিজকে প্ৰতিষ্ঠা কৰি নামঘৰৰ মজিয়াত ঠিয় দিয়ক৷ আপুনি যদি এটা ব্যয়বহল গীত- মাত, নৃত্য অনুষ্ঠানলৈ যাব বিচাৰে, তেতিয়া আপুনি নিজকে সেই সময়টো কাৰণে এজন ৰসাল বা উদ্যমি ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰক । কিয়নো আপোনাৰ কাৰ্যকলাপ আৰু ব্যক্তিত্বয়ে আপোনাক সকলো সমাজতে স্থান দিব৷
কোনো কোনো অনুষ্ঠানত বা পৰিস্থিতিত আপুনি প্ৰকৃততে কোন তাক পৰিচয় দিয়াতকৈ আপুনি সেই অনুষ্ঠানত বা পৰিস্থিতিটোত নিজকে কেনেদৰে খাপ খোৱাব পাৰিছে তাক গুৰুত্ব দিয়ক । কিয়নো প্ৰতিটো পৰিস্থিতিত যি নিজকে খাপ খোৱাই চলিব পাৰে তেনে ব্যক্তিকে সমাজে এজন উচ্চ ব্যক্তিত্ব সম্পন্ন ব্যক্তি বুলি মানি লয় । গতিকে নিজক সমান্তৰাল কৈ সকলো স্থানতে প্ৰতিষ্ঠা কৰিব চেষ্টা কৰক৷ নিজক সমান্তৰাল কৈ প্ৰতিষ্ঠা কৰিব পৰাটো ব্যক্তি এজনৰ আটাইতকৈ ডাঙৰ গুণ । ব্যক্তিজনে সদায় নিজই নিজক উপলব্ধি কৰাটো উচিত যে, তেওঁ ক'ত, কোন সময়ত, কি স্থানত, কাৰ লগত, কি কথা পাতিছে বা কেনে ধৰণৰ ব্যৱহাৰ কৰিছে । আমি জানো যে, ডাঙৰৰ লগত কথা পাতিলে সন্মান সহকাৰে, সৰুৰ লগত মৰমেৰে আৰু সমনীয়া লগত কথা পাতিলে সমনীয়াজন যেনে প্ৰকৃতি মানুহ তেনে ধৰণেৰে ব্যৱহাৰ কৰিলে যিকোনো এজন ব্যক্তি কোনো অসুবিধাত নপৰা লগতে সমাজে ব্যক্তিজনক এজন ভাল ব্যক্তিত্ব মানুহ বুলি আঁকোৱালি ল'ব । লগতে আপুনি সমাজত সকলো ধৰণৰ কাম-কাজ সুচাৰূপে কৰি যাব পাৰিব৷
ঠিকনাঃ চিলাপথাৰ, ধেমাজি
দূৰভাষঃ ৮৮৭৬৫৬৮৮৩৯








