কাংথি লাংছ......✍ জিতেন নৰহ

কাৰ্বি আংলঙত ৰঙা হৈ উঠা পুৱাৰ আৰ্ণিটোৰ দৰে
মোৰ অহৈতুকী মনটোৱে এঙামুৰি দিছিল তোমাৰ আকুল আমন্ত্ৰণত।
জিৰ্ জিৰ্ লাংচুনবোৰে মাতি আছিল অহৰ্ণিশে
আহা মোৰ লাং কাংছাম পান কৰি জলকেলি কৰাহি।
চমাংকানৰ ৰাতি চেক্ল‌ই মাতি আছিল
আহা মোৰ মোহনীয় ক্ল'ক্লাৰত অৱগাহন কৰাহি।
ধুনীয়া মিৰদানে মাতি আছিল
আহা মোৰ সুবাস হৃদয় ভৰাই লোৱাহি।
তমনছ' ৱাংজিৰে মোক কাণে কাণে কৈ আছিল
আহা তোমাৰ বাবে সেউজীয়া তাৰ পাৰি থৈছোঁ।
তুমি জিৰোৱাহি ইংলঙৰ শীতল কোলাত
মই বিচি দিম হাংজাপ।
নিতৌ নিশা মোৰ বুকুত শুনিছিলোঁ
লং লেংমপুমৰ টুকুৰ্ টুকুৰ্ শব্দ।
থং-কাংকৰ জালীকটা মাতে ৰাতি ৰাতি মোক শুব দিয়া নাছিল।
মই কেনেকৈ ৰৈ থাকো কোৱা !!

মই দৌৰিছিলো তোমাৰ সৌন্দৰ্য সুধা পান কৰিবলৈ।
তোমাৰ অধৰামৃত পান কৰি তৃপ্তি‌ত চকু মুদি দিছিলো।
হঠাৎ এটা ফাংকেদঙে আমাক লম্ভিছিল,
সী দিছিল আমাৰ কোমল ওঁঠ।

অগত্যা আমি উভতিব খোজিছিলো।
আমাক পশ্চাদ্ধাৱন কৰিছিল এদল হাবিত আমেথানে।
আৰণি-কাংচামে মেলি দিছিল তাৰ কাংতিং আৰবেংক্।
বিবোৰে বিৰ‌ইত সোমাই পাগুলি আছিল অজ্ঞতাৰ সাধুকথা।
হাবিত আমেথানবোৰে আমাক ঘেৰি ধৰিছিল।
গেঙেৰীয়াই গেঙেৰীয়াই আমাক কামুৰি ছিৰাছিৰ কৰিছিল।
আমি ৰূপান্তৰিত হৈছিলো ফাংকেদঙলৈ।

আমি কাবৌ কৰিলো কাকুতি কৰিলো
এজনো মানুহ নাছিল তাত, শুনিবলৈ আমাৰ মাত।
মাক মাতিছিলো, দেউতাক মাতিছিলো, চিঞৰি চিঞৰি মাতিছিলো
শুনিছিলানে তোমালোকে আমাৰ মাত ?

আমি ঘূৰি যাব নোৱাৰিলো অ' কাংথি লাংছ' !
বুকুত সাবটি তোমাৰ সমস্ত ভালপোৱা
তোমাৰ বুকুতেই শুই পৰিলো চিৰদিনলৈ।

টোকাঃ কাৰ্বি শব্দৰ অৰ্থঃ
আৰ্ণি > সূৰ্য
লাংচুন >জলপ্ৰপাত
লাং কাংচাম > ঠাণ্ডা পানী
চমাংকান  > উৎসৱ
ছেক্ল‌ই > জোন
ক্ল'ক্লাৰ> জোনাক
মিৰদান> কপৌফুল
লং-লেম্পুম > উৰাল
থং-কাংক > কেতেকী চৰাই
তমনছ' ৱাংজিৰ্ > মৃদু সমীৰণ
তাৰ > ঢাৰি
ইংলং > পাহাৰ
হাংজাপ্ > বিচনী
ফাংকেদং > সোপাধৰা
হাবিত আমেথান > ৰাং কুকুৰ
আৰণি-কাংচাম্ >সন্ধ্যা
কাংতিং > আন্ধাৰ
আৰবেংক্ > পাখি
বি > ছাগলী
বিৰ‌ই > ছাগলী গৰাল