গ্ৰন্থৰ সাধু......✍ ৰিম্পী গগৈ

উকা কাগজবোৰ এখন এখনকৈ
ক’লা ক’লা আখৰেৰে ভৰি পৰে,
গ্ৰন্থ --
এই ক’লা কিম্বা নানাৰঙী আখৰৰে সমষ্টি ৷
য’ত প্ৰাণ পাই উঠে,
হাজাৰ হাজাৰ মনীষীৰ আত্মকথা
অথবা দেশ-দেশান্তৰৰ বিবৃত্তি
নতুবা বিভিন্ন বিষয়ৰে সমৃদ্ধ
গভীৰ গভীৰ জ্ঞানৰ মালিতা৷

বিভিন্ন লিপি, গছৰ পাত, ভূজপাত্ৰ,
জন্তুৰ ছাল আৰু কাঠ;
এইবোৰৰ বুকুতেই আৰম্ভ হৈছিল জানা
লিখনি পদ্ধতিৰ আদিম বেলা৷

ছপাশাল আৰু কাগজৰ আৱিষ্কাৰ,
পৃথিৱীৰ এক যুগান্তকাৰী সূচনা ৷
তাৰ পাছতেই আৰম্ভ হ’ল,
ছপা আখৰৰ পুথিৰ যাত্ৰা ৷
এইবোৰ এতিয়া পুৰণি সাধুকথা,
গ্ৰন্থ আমাৰ জ্ঞানৰ জখলা৷

ঠিকনাঃ নকছাৰি, যোৰহাট
দূৰভাষঃ ৯১২৬১৯৩৮৬৭