নীৰৱে সমাধিৰ পৰা
মৃত্যু সাবটি সমাধিত নীৰৱে পৰি ৰ'লো
অসম্পূৰ্ণ সপোনবোৰৰ আল্পনা সজোৱাৰ আশাত,
মৃত্যু মাথো হ'ল বাহ্যিকতাৰ
জোনাকৰ আলোকৰ মোহ এৰি
গুচি যাব পৰা নাই
কোনোবা দূৰণিলৈ ।
কেতিয়াবা জোনাকৰ আলোক মেঘৰ জলঙাৰে
সৰকি আহি মোৰ সমাধিত
প্লাৱনৰ ঢল আনে,
চেঁচা মলয়াৰ লহৰত
নামি অহা অচিনাকি অনুভূতিবোৰ
সুৰ হৈ ঢৌৱে ঢৌৱে উজলি উঠি
হৃদয় কঁপোৱা গান এটি হৈ
উৰা মাৰে দূৰণিলৈ ।
বহুদিন হ'ল ভগ্ন হৃদয়েৰে উচুপি উচুপি
সমাধিত লেতু- সেতু হৈ পৰি থকা,
হৃদয়ে হৃদয়ে অনামী অনুৰাগত সুৰ নিগৰোৱা
কৃষ্ণচুড়াৰ তলে তলে বহি সপোনৰ আল্পনা অঁকা
মোৰ সেই অনামী বন্ধুজন
কাহানিবাই হেৰাই গ'ল অসীমত ।
যিদিনা হৃদয়ৰ ভাষাৰে অনামী বন্ধুলৈ লিখা
চিঠিখনি হাঁহি এটি লৈ উভতিব,
সিদিনালৈ সময় গনি গনি
মৃত্যু সাবটি সমাধিত
হৃদয়ৰ আবিৰেৰে
আল্পনা সাজি ৰ'ম৷
ঠিকনাঃ ওদালগুৰি
মৃত্যু সাবটি সমাধিত নীৰৱে পৰি ৰ'লো
অসম্পূৰ্ণ সপোনবোৰৰ আল্পনা সজোৱাৰ আশাত,
মৃত্যু মাথো হ'ল বাহ্যিকতাৰ
জোনাকৰ আলোকৰ মোহ এৰি
গুচি যাব পৰা নাই
কোনোবা দূৰণিলৈ ।
কেতিয়াবা জোনাকৰ আলোক মেঘৰ জলঙাৰে
সৰকি আহি মোৰ সমাধিত
প্লাৱনৰ ঢল আনে,
চেঁচা মলয়াৰ লহৰত
নামি অহা অচিনাকি অনুভূতিবোৰ
সুৰ হৈ ঢৌৱে ঢৌৱে উজলি উঠি
হৃদয় কঁপোৱা গান এটি হৈ
উৰা মাৰে দূৰণিলৈ ।
বহুদিন হ'ল ভগ্ন হৃদয়েৰে উচুপি উচুপি
সমাধিত লেতু- সেতু হৈ পৰি থকা,
হৃদয়ে হৃদয়ে অনামী অনুৰাগত সুৰ নিগৰোৱা
কৃষ্ণচুড়াৰ তলে তলে বহি সপোনৰ আল্পনা অঁকা
মোৰ সেই অনামী বন্ধুজন
কাহানিবাই হেৰাই গ'ল অসীমত ।
যিদিনা হৃদয়ৰ ভাষাৰে অনামী বন্ধুলৈ লিখা
চিঠিখনি হাঁহি এটি লৈ উভতিব,
সিদিনালৈ সময় গনি গনি
মৃত্যু সাবটি সমাধিত
হৃদয়ৰ আবিৰেৰে
আল্পনা সাজি ৰ'ম৷
ঠিকনাঃ ওদালগুৰি







