স্পন্দন......✍ মিনাক্ষী হাজৰিকা

আশাৰ ধলফাট মেলিছে
পথাৰখন সেউজীয়া হৈ
বোকাবোৰত ঠন ধৰিল সেউজীয়াবোৰ।
কেঁচা আলিবোৰত ঘাঁহ- বন এতিয়া
হালোৱা পিতাই কৃষকেই নে?
অতীত সোঁৱৰে সমিলমিলৰ
পথাৰৰ কিৰীলি কঠীয়াবুলিয়া,
বিষণ্ণ হৃদয় বিচ্ছিন্নতাত
লাহে লাহে সেউজীয়াবোৰ হালধীয়া হৈ
ৰিঙিয়াই মাতিব
ৰূপহী গাভৰুৰ হাঁহিৰ দৰে।

ঠিকনাঃ তিতাবৰ