শূন্য বুকুত চিফুঙৰ জোৱাৰ......✍ চিন্ময়ী ডেকা

নিঃশব্দ নিঃশব্দ বসুমতী
আইৰ কোলাত ঝাওঁঁবনৰ ৰিনিকিত
মধূৰ স্মৃতি সোঁৱৰণি…!

নিঃশব্দ সোৱণশিৰিৰ কোৱাল সোঁতত
দুটি স্বপ্নময়ী আত্মাৰ মিলন৷

আলসুৱা কঁহুৱাৰে সজা
সপোন বাকৰিৰ কাৰেঙত
ফাগুনবলীয়া স্নিগ্ধ পলাশৰ
শূন্য বুকুত চিফুঙৰ জোৱাৰ নামে৷

ঠিকনাঃ টিহু, নলবাৰী