অযোগ্য পুত্ৰ......✍ খনিন লহকৰ

মা অসমী,
আমাক তুমি অভিশাপ দিয়া মা…
আমি তোমাৰ অযোগ্য পুত্ৰ,
তুমি মাতৃ বাবে সকলোকে দিলা
নিজৰ বুকুত ঠাই
তোমাৰ মমতাৰ বাবে
তোমাৰ বুকুত আজি
বাংলাদেশী পুত্ৰৰ স্থান...!

আমি তোমাৰ অযোগ্য পুত্ৰ মা
কিয় আমি তোমাৰ বুকুৰ দুগ্ধ ভগাই খাইছো,
কিয় তোমাৰ কোলাত আনৰ বোজা সহ্য কৰিছো ৷

আমি পাপী মা,
আমাক অভিশাপ দিয়া মা
এতিয়া আমি দুৰ্বলী মা…
এতিয়া আমি দুখীয়া,
তোমাৰ হাতত পোৱা সকলো খাদ্য আমি ভগাই খাওঁ ৷
তোমাৰ অযোগ্য পুত্ৰ যে আমি
হাতত হেংদাং লৈ খেদিবও নোৱাৰো,
আমি নিলাজ মা
আমাক অভিশাপ দিয়া
আমি তোমাৰ অযোগ্য পুত্ৰ৷

ঠিকনাঃ টিহু,নলবাৰী