স্বাধীনতা......✍ সৌৰভ কুমাৰ ভট্টাচাৰ্য

স্বাধীনতা,
কেনেকৈ বুজাও তোমাক ইয়াৰ সংজ্ঞা?
কিমান মাতৃৰ বুকু খালী হ'ল আৰু
কিমান স্ত্ৰীৰ শিৰৰ সেন্দূৰ মচি
দেশখন হৈছে আজি মুক্ত৷

স্বাধীনতা,
মুক্তই হৈছে তোমাৰ পৰম সংজ্ঞা।
মুক্ত আকাশ, মুক্ত বতাহ, মুক্ত কোলাহল
মুক্ত মনেৰে চৰাই উৰে মুক্ত ডেউকাৰ সতে
কৰিব নোৱাৰে গতিৰুদ্ধ!

কিন্তু কেনেকৈ বুকু ডাঠি কওঁ
আজি আমাৰ দেশখন স্বাধীন বুলি?
মানুহৰ স্বাধীনতাৰ সংজ্ঞা
মানে অবাধ শোষণ, নিষ্পেষণ
মুক্ত ভাৱে নাৰী বলৎকাৰ, হত্যা, অপহৰণ
এইবোৰেই নে?

মানুহে জানো এনে ভীতিৰ পৰা স্বাধীনতা বিচাৰে?
এনে নীতিৰ পৰা স্বাধীনতা বিচাৰে?
স্বাধীনতা,
স্বাধীনতাই বিচাৰে অন্য সংজ্ঞা....
যি সংজ্ঞাবোৰ আজি আমাৰ পৰা লুপ্ত৷

আজি সেই দিন
য'ত নেকি মানুহে মুক্তকণ্ঠে ক'ব নোৱাৰে কথা,
মুক্তভাৱে ঘূৰিব নোৱাৰে, ফুৰিব নোৱাৰে,
খোজে খোজে ভয় আৰু নিৰাপত্তাৰ বাধা৷

এইয়ে নেকি স্বাধীনতা?
এইয়ে নেকি গণতন্ত্ৰৰ ভেটি?
য'ত সদায় গজি আছে সন্ত্ৰাসৰ বীজ,
ক'তনো পাইছো আমি স্বাধীনতাৰ মিঠা স্বাদ,
ক'তনো পাইছো আমি স্বাধীনতাৰ মিঠা আভাস।