দেশ মুক্তিয়েই জানো প্ৰকৃত স্বতন্ত্ৰ...
আজি চৌদিশে উৰিছে ত্ৰিৰংগা...
এয়া কাৰো সুখৰ স্বাধীনতা,
কাৰো দুখৰ...
কাৰো হুমুনিয়াহৰ...!!
আইৰ বুকুত ফুটিছে বাৰুদ...
ক'ত অমৃত সন্তানে বুকু পাতি লৈছে,
ক'ত দেৱ শিশু নিঠৰুৱা হৈছে,
আই...
তয়েই ক'চোন
এয়া জানো স্বাধীনতা,
কাৰো যে ঘৰ ভাঙিছে...
পথাৰ জ্বলিছে...
ঘৰৰ মূূূধচ খহি আইৰ বুকুত মিলিছে,
আই তোৰ অন্তৰে জানো সহিছে এই স্বাধীনতা...!!!
আই এই স্বাধীনতা জানো তোৰ কাম্য...
য'ত প্ৰতি ছেকেণ্ডত ক'ত নিৰপৰাধী ছোৱালীয়ে সতীত্ব হেৰুৱাই...
য'ত প্ৰতি ছেকেণ্ডত ক'ত নিৰপৰাধী মানুহে প্ৰাণ হেৰুৱাই...
এই স্বাধীনতা তোৰ কাম্য নেকি আই...!!!
যদি নহয়,
প্ৰকৃত স্বাধীনতা কিনো আই...,
দেশ মুক্তিয়েই জানো প্ৰকৃত স্বতন্ত্ৰ...,
য'ত জনসাধাৰণ প্ৰতি মুহূৰ্ততে শংকিত...।
ঠিকনাঃ টিহু, নলবাৰী
আজি চৌদিশে উৰিছে ত্ৰিৰংগা...
এয়া কাৰো সুখৰ স্বাধীনতা,
কাৰো দুখৰ...
কাৰো হুমুনিয়াহৰ...!!
আইৰ বুকুত ফুটিছে বাৰুদ...
ক'ত অমৃত সন্তানে বুকু পাতি লৈছে,
ক'ত দেৱ শিশু নিঠৰুৱা হৈছে,
আই...
তয়েই ক'চোন
এয়া জানো স্বাধীনতা,
কাৰো যে ঘৰ ভাঙিছে...
পথাৰ জ্বলিছে...
ঘৰৰ মূূূধচ খহি আইৰ বুকুত মিলিছে,
আই তোৰ অন্তৰে জানো সহিছে এই স্বাধীনতা...!!!
আই এই স্বাধীনতা জানো তোৰ কাম্য...
য'ত প্ৰতি ছেকেণ্ডত ক'ত নিৰপৰাধী ছোৱালীয়ে সতীত্ব হেৰুৱাই...
য'ত প্ৰতি ছেকেণ্ডত ক'ত নিৰপৰাধী মানুহে প্ৰাণ হেৰুৱাই...
এই স্বাধীনতা তোৰ কাম্য নেকি আই...!!!
যদি নহয়,
প্ৰকৃত স্বাধীনতা কিনো আই...,
দেশ মুক্তিয়েই জানো প্ৰকৃত স্বতন্ত্ৰ...,
য'ত জনসাধাৰণ প্ৰতি মুহূৰ্ততে শংকিত...।
ঠিকনাঃ টিহু, নলবাৰী







