এটা কবিতাৰ আঁত ধৰি......✍ ৰাজেশ বৈশ্য

এটা কবিতাৰ আঁত ধৰি লিখিলো
আন এটা কবিতা
সুখবোৰক শ্ৰেণীবদ্ধ কৰি
সুখৰ ছন্দেৰে দুখৰ লঘোনক নেওচি,
লিখা এটি কবিতা।
এটা জীৱন পৰিক্ৰমাত
শুই পৰা চহৰখনৰ মিছা সপোনবোৰৰ
অধুনিকতাই মানৱতাক লজ্জিত কৰা
এটা কবিতা!!!!
এটা কবিতা
প্লেটফৰ্ম, ফুটপাথত পৰি ৰোৱা জীৱনটোৰ বাবে,
কিম্বা এটা কবিতা
বিলাসী ৰেষ্টুৰাণ্টত চিকেন,
ফাইড ৰাইচ অৰ্ডাৰৰ বিলাসী মুহূৰ্তৰ৷
তুমি কি ল'বা বুলি সুধা প্ৰশ্নৰ
আধুনিকতাও এটা কবিতা।
নাইবা ভগৱানৰ নামত কিবা অলপ দিয়ক,
এই উক্তিও এটা কবিতা।
এটা কবিতা মাতৃক বৃদ্ধাশ্ৰমত থোৱা
চাকৰিয়াল পুত্ৰৰ বাবে,
যি কেতিয়াও মাতৃৰ মূল্যয়ে বুজিব নোৱাৰে।
কিম্বা এটি কবিতা
মাতৃক সাবটি আকাশ চাব পৰা
ঘৰটোৰ ৰিক্সাৱালাজনো ।
কবিতা -তেওৰ ওঁঠতো এটা বিলাসী হাঁহি,
এটি বিলাসী মন,
জীৱনৰ প্ৰথম শব্দটোৰ প্ৰকৃত সমৰ্থক।