বৰষুণ......✍ দীপিকা দত্ত

মেঘমল্লাৰ উচুপনিত
জুৰুলি- জুপুৰি
মোৰ শুকান কলিজা,

সেমেকি উঠিল শাওনৰ পৃথিৱী
জীপাল হ’ল মাটি ফুটি
ওলোৱা গজালি৷

ৰামধেনু বুলীয়া
ৰঙেৰে বুলাওঁ
ঘামে ধোৱা
ভৰুণ পৃথিৱীক৷