স্বাধীন বুলি ক'লে সাধাৰণতে নিজৰ অধিকাৰ সাব্যস্ত কৰা কথা বুজায় ৷ প্ৰতি বৰ্ষৰ আগষ্ট মাহৰ ১৫ তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ কাৰণ ১৯৪৭ চনৰ সেই দিনতোতেই আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল৷ ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হোৱা আমাৰ দেশ খনি সেইদিনাই নতুন সাজেৰে ত্ৰিৰংগাৰ তলত জয়ধ্বনি বাজি উঠিছিল । সূচনা হৈছিল এক নতুন দিগন্তৰ । স্বাধীন মনৰ গৰাকী হ'ল আমাৰ দেশ মাতৃ । কিন্তু আজি সেই স্বাধীনতাৰ সোৱদ ক'ত হেৰাই গ'ল । দেশ স্বাধীন হোৱা ৭২ বছৰ অতিক্ৰম কৰিলে কিন্তু আজিও স্বাধীনতা দিৱস মুকলি মনেৰে উদযাপন কৰিব নোৱাৰো । মাথো ভয় - শংকা বুকুত লৈ দিনটো পাৰ কৰো ৷ যদি আমি স্বাধীনেেই তেনে কিয় এই ভয়- শংকা ৷ হাজাৰজন দেশপ্ৰেমীৰ ত্যাগৰ বলত ক'লা ডাৱৰ আঁতৰাই আমাৰ দেশ পোহৰাই তুলিছিল। অলেখ সপোন বুকুত বান্ধি লৈ আমাৰ দেশে স্বাধীনতাৰ পোছাক পিন্ধিছিল, উল্লাসিত, গৰ্বিত হৈ পৰিছিল সকলো ভাৰতীয় লোকে। কিন্তু আজিও আমি সেই ত্যাগ বীৰসকলক ত্যাগৰ উচিত মূল্য দিব পৰা নাই । মাথো আমি স্বাধীনতা দিৱস উদযাপনহে কৰিব পাৰিছো৷ স্বাধীনতা নামত কিছুদিন আগৰ পৰাই সাধাৰণ জনতাক সেনা আৰক্ষীৰ হাৰাশাস্তি ৷ বোমা, বিস্ফোৰণ, ধৰ্ষণ, হত্যা, লুণ্ঠন আদি৷
কাৰ বাবে আছিল এই স্বাধীনতা ? দহৰ বাবে নে দেশৰ বাবে... য'ত কোনো ন্যায় নাই কেৱল অন্যায় বজাৰ ৷ নে... এই স্বাধীনতা ভুৱা আছিল ? যাৰ বাবে আজি হত্যা, লুণ্ঠন আদিৰ দৰে ঘটনা ঘটি আহিছে স্বাধীন ভূমিত ৷
চাৰিওফালে দেখো হত্যা, লুণ্ঠন আদিৰে আৱৰি থকা এক ধূসৰিত আকাশ য'ত দেখো পুত্ৰ শোকত পিতৃ মাতৃৰ হিয়াভৰা কান্দোন আৰু বিধৱাৰ কৰুণ বিননি৷
আৰু দেখো কিছুমান ৰাজনীতি দালাল সকলৰ দ্বাৰা পৰিচিত ধৰ্ষণ, অপৰাধ আৰু লুণ্ঠন ৷
এই স্বাধীনতা নামত পৰাধীনতা শিকলি লগাই কাণত বাজি উঠে সদায় ঘাতকৰ কিৰিলি আৰু কিমান সহ্য কৰিম এই অন্যায়, আমাক ন্যায় লাগে ন্যায় !! কিন্তু কোনে দিব এই ন্যায় ?








