৭২ তম স্বাধীনতা দিৱস পালন কৰিব ওলাইছে আমাৰ ভাৰতবৰ্ষই। সময় গৈ আছে; যাৰ পিছলৈ ঘূৰি চালে দেখিবলৈ আছে কেৱল এক কৈ শেষ কৰিব নোৱাৰা ইতিহাস। পলকতে চোৱা দেশ আমাৰ দেশ নহয়; এই দেশ বৈচিত্ৰময় অনৈক্যৰ মাজত ঐক্য। সাধাৰণকৈ দেখা পোৱা আজিৰ আকাৰ আৰু গঠনৰ আঁৰত আছে এটা প্ৰজন্মৰ ত্যাগ। সময়- সুবিধা মিলিলেই যিসকলক আমি সন্মান জনাওঁ আৰু শাসন ব্যৱস্থাৰ বাবে তুলাধুনা দিওঁ সেই সকলেই তেওঁলোকৰ সময়ক অমৰ কৰি গৈছে। বৰ্তমানৰ প্ৰজন্মই যদি স্বাধীনতাৰ তুলনা দেশ স্বাধীন হোৱা প্ৰাৰম্ভিক সময়ৰ স’তে কৰে মোৰ দৃষ্টিত সেই স্বাধীনতাৰ মোল অমূল্য আছিল; কাৰণ তেওঁলোকৰ সময় আজিৰ তুলনাত মহান আছিল। এই দেশৰ ভূ-খণ্ড এটা জাতিৰ নাম লৈ গঠিত হোৱা নাছিল যাৰ বাবে এই দেশে বাৰে বাৰে মুখামুখি হৈছিল আন্দোলনৰ। যেতিয়া দেশ স্বাধীন হ’ব ওলাইছিল তেতিয়া আচলতে ভাৰত স্বাধীন হ’ব নে ৫৬৫ টা ভিন্ন জাতি স্বাধীন হ’ব সেই প্ৰশ্ন বাৰে বাৰে উত্থাপিত হৈছিল। তাৰপিছতো কোনোৱে বুজি উঠি কূটনৈতিকতাৰে হওক, সমাজনীতিৰে হওক ৫৬৫ টা ভিন্ন জাতিক এক আকাশৰ তলত আনিব সক্ষম হৈছিল। এই দেশৰ অস্তিত্ব কেৱল ইয়াৰ জাতি-জনজাতিৰ ঐক্যতাত এই কথা বুজি এখন দেশক গঢ় দিয়াত সক্ষম হোৱাত সেই সময় মহান হৈ উঠিছিল। যি সময়ৰ পৰা আমাৰ দেশ বুলিলেই উদ্ভৱ হোৱা উদ্দেশ্যবোৰ আজিৰ প্ৰজন্মলৈ সময়ৰ সোঁতত বৈ আছে তাতেই আমাৰ মূল গণতান্ত্ৰিক স্বাধীন দেশৰ ভেঁটি।
“স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ”; বাল গংগাধৰ তিলকদেৱৰ এই বাক্যষাৰ আমি সৰুৰে পৰাই শুনি আহিছো৷ হয় আমি জন্মৰে পৰাই স্বাধীন কিন্তু এই স্বাধীনতাক কোনটো পৰ্য্যায়ক বিশ্লেষণ কৰিছো? নিজৰ দ্বায়িত্বক পাহৰি যদি স্বাধীনতাক অধিকাৰ বুলি প্ৰতিপন্ন কৰি আছো তেন্তে সেই স্বাধীনতাৰ মূল্যবোধ কোনখিনিত? অস্তিত্ব অৱিহনে এই পৃথিৱীত কোনো শব্দৰেই মূল্য নাই। স্বাধীনতা মানে যদি এটা প্ৰজন্মই বুজে যে তেওঁলোকে নিজৰ এখন ৰাষ্ট্ৰ চলাব, এটা জাতিৰ চিঞৰ শুনিবলৈ কোনো নাই বুলি কৈ এখন মুক্ত ৰাষ্ট্ৰ লাগে এইয়া কোন পৰ্যায়ৰ পৰিপক্কতা সেইয়া এক খুবেই আচৰিত কথা। এনেধৰণৰ কিছুমান বহুৱালি আন্দোলনৰ মূলতেই কিছুমানৰ ক্ষমতাৰ লোভ আৰু এক বৃহৎ সংখ্যকৰ নগণ্য অধ্যয়ন। বাৰে বাৰে ভাৰতবৰ্ষৰ জনসাধাৰণে কেন্দ্ৰ আৰু ৰাজ্যক বেলেগ বেলেগকৈ ভাগ কৰে; যাৰ ফলত কোনোদিনেই সমস্যাৰ ঘাই শিপাডালৰ মৃত্যুঘণ্টা কেতিয়াওঁ বাজি উঠা নাই। কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰৰ ক্ষমতাক ভাগ কৰোতে কৰোতে দেশৰ ভিন্ন প্ৰান্তৰ মূল সমস্যাৰ বিষয়ে আলোচনাই নোহোৱাকৈ ৰৈ যায়। যিকোনো এটা সমস্যা উদ্ভাৱন হোৱাৰ পৰা সংসদত উত্থাপিত হওঁতেই যদি দহ-পোন্ধৰ বছৰ লাগে তেন্তে দোষাৰোপ কাক কৰিম? সকলোৰে মূলতে কেৱল জনতা মানে আমি কাৰণ এইয়া গণতান্ত্ৰিক দেশ য’ত প্ৰতিনিধি প্ৰক্ষেপ কৰো আমি আৰু কিবা এটা হ’লেই আন্দোলন কৰোঁ, দেশ/ৰাজ্য/চকা বন্ধ দিওঁ আমিবোৰেই। দেশৰ বাবে মানুহৰ সৃষ্টি নহয়, মানুহৰ বাবেহে দেশৰ উদ্ভৱ; তাৰপিছটো দেশ আৰু দেশৰ সংবিধান সৰ্ব্বোচ্চ। ইয়াৰ কাৰণ এটাই মানুহ নামে দুঠেঙীয়া প্ৰাণীবিধ; যাৰ নৈতিক দ্বায়িত্ব বাৰে বাৰে স্খলিত হোৱাৰ পিনে ঢাল খাই। যাৰ বাবে প্ৰয়োজন এনে এক অস্তিত্বৰ যি জীৱিত কিন্তু কাহানিওঁ নিজ সিদ্ধান্তৰ পৰা ফালৰি নাকাটে। এই প্ৰয়োজনীয়তাৰ বাবেই সৃষ্টি হৈছিল এখনি “অমৰ সংবিধান”ৰ।
মানুহৰ এটা স্বভাৱ আছে; যেতিয়াই সমস্যাৰ উদ্ভৱ হয় তেতিয়াই পলাব বিচাৰে নিজ ক্ষেত্ৰৰ পৰা। পিছত নিজকে সমালোচনাৰ পৰা বচাবলৈ সুৰক্ষিত স্থানৰ পৰা আক্ৰমণ কৰিব আৰম্ভ কৰে। এই সময়খিনিত পুনৰ স্বাধীনতাৰ সুযোগ গ্ৰহণ কৰি সংবিধানকো সমালোচনা কৰিব আৰম্ভ কৰি দিয়ে। এইয়াটো ভাৰতৰ সমাজ ব্যৱস্থাত এতিয়া তেনেই সাধাৰণ কথা। কেতিয়াবা আৰক্ষণৰ নাম লৈ যদি সংবিধান সমালোচিত হৈছে কেতিয়াবা অপৰাধীৰ প্ৰতি গ্ৰহণ কৰা স্থিতিকলৈ। নিতৌ নতুন নতুন বিষয় সমালোচনাৰ। সকলোৰে কেৱল এটাই কথা নিজৰ আঞ্চলিকতাত যদি সেই সমস্যা নাই তাৰমানে দেশখনৰ পৰা সেই সমস্যা আঁতৰি গৈছে। এইয়া ভাৰতবৰ্ষ হয়; আপুনি নিতৌ তিনিসাঁজ খাইছে মানে নাভাবিব যে সকলোৱে সমানে খাই আছে। দেশৰ কোনো প্ৰান্তত কাহানিবাই শেষ হৈ যোৱা সমস্যা আজিওঁ যিদৰে আপোনাৰ সমাজৰ জ্বলন্ত সমস্যা হ’ব পাৰে তেনেদৰেই আপোনাৰ সমাজত কোনো এটা সমস্যা যি কেতিয়াওঁ উদ্ভৱেই হোৱা নাছিল দেশৰ কোনো প্ৰান্তত কিজানি তাৰ বাবে নিতৌ মানুহে জীৱন দি আছে! মানুহৰ বাবে অকণমান মানুহ হোৱাত অথবা হ’বলৈ হেঁঁপাহ কৰাত, দেশৰ বাবে কিছু ত্যাগ কৰাত কোনোকালেই জীৱনটো অথলে যাব নোৱাৰে। সংবিধানক কেন্দ্ৰ কৰি মানুহে সদায় এষাৰ কথা কয়; আমাৰ সংবিধানে আইন বনাইছে হয় কিন্তু ফোঁপোলা, কাৰণ সকলো অপৰাধীয়ে আইনৰ মাজেৰে সৰকি যায়। কিন্তু নিজে বহি লৈ সেই বিষয়ে অধ্যয়ন কৰিছোনে কোনটো পৰ্যায়ত সংবিধানত মানুহ সৰকি যাব পাৰে? আচলতে আমাৰ সংবিধানখনত ব্যৱহৃত শব্দবোৰে দ্বি-অৰ্থ বহন কৰে বাবে এনে সমস্যা হয়। কিন্তু যিদিনাই যিজন আইনৰ প্ৰকৃত ৰক্ষকে এই সুযোগটো ধনাত্মক দিশত ল’ব পাৰিছে সেইদিনাই অপৰাধী ৰঙাঘৰলৈ যাব লগাত পৰিছে। যেতিয়া নতুন এখন আইন লাগে তাৰ বাবে আমি আন্দোলন কৰি কি পাম? আন্দোলনৰ প্ৰয়োজন কেতিয়া হয়; যেতিয়া ন্যায়পালিকা আৰু সংসদ নাথাকিব।
প্ৰথম সংসদৰ ওচৰত যাব লাগে যদি সংসদে গুৰুত্ব নিদিয়ে তেতিয়া ন্যায়পালিকা যি কেৱল জনতাৰ বাবে। আন্দোলন নহয়, কামহে মূল বিষয়বস্তু হোৱা উচিত আমাৰ। সমাধানৰ বাবে সদায় পদ্ধতিৰ মাজেৰে গৈ চাব লাগে; সাৰ্বভৌম- অখণ্ডতাক বাৰে বাৰে ধ্বংস কৰাৰ চেষ্টা কৰি নিজ শৌৰ্য্য তথা সৌষ্ঠৱ ম্লান কৰাৰ বাদেনো কি পাইছোঁ?
আমিবোৰনো কি; সময়ৰ কোনোবাটো মোৰত হেৰাই যাম। অতীতত বিলীন হৈ যাব সমস্ত চৌপাশ। কিন্তু ইতিহাস সাক্ষ্য আছে যে প্ৰত্যেকেই এদিন নিজৰ শৌৰ্য হেৰুৱাইছে। বিশাল মৌৰ্য্য সাম্ৰাজ্যওঁ এদিন অতীতত বিলীন হৈ গৈছিল অথচ সেই ৰাজ্যতেই কৌটিল্যৰ দৰে বিশ্ববিখ্যাত মন্ত্ৰী যি অৰ্থশাস্ত্ৰৰ জড়িয়তে দেশৰ শাসন ব্যৱস্থাক বৰ্ণনা কৰিছিল, সেই সময়ৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনীতিবিদগৰাকী তাত থকাৰ পিছটো সেই দেশৰ যৱনিকা পৰিছিল। আচলতে কৌটিল্যইয়ো উপযুক্ত উত্তৰপুৰুষ সৃষ্টি কৰাত সফল হোৱা নাছিল। ইতিহাস জানি তাৰ ভুলবোৰৰ পুনৰাবৃত্তি নকৰাতহে প্ৰকৃত দ্বায়িত্বশীল নাগৰিকৰ লক্ষণ। কালাম ছাৰৰ সপোনৰ ভাৰত যুৱশক্তিৰ হাতত। এই প্ৰজন্মটো পৃথিৱীৰ সৃষ্টিৰ পৰা আটাইতকৈ বেছি সৌভাগ্যৱান যিয়ে যুদ্ধ কি সেইয়া জনাটো ইমান গুৰুত্বপূৰ্ণ নহয়। এখ দেশ নিজ দেশৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল; আপোনাৰ বা মোৰ পকেটত কিমান টকা আছে তাৰ পৰা কোনো লাভ নাই। নিজৰ সিদ্ধান্ত, দেশৰ উৎপাদন নিজৰ বুলি ক’ব পৰাতেই স্বাধীনতা; কাষত থিয় দি থকা অচিনাকীজন মোৰ ভাই বুলি ক’ব পৰাত স্বাধীনতা; হেঁপাহ পলুৱাই শিক্ষা গ্ৰহণ কৰাত স্বাধীনতা, মৌলিক অধিকাৰক কোনো কাৰণতে খৰ্ব হ’বলৈ নিদিয়াৰ দ্বায়িত্ব দেশে লোৱাত স্বাধীনতা।
সৌভাগ্য এইখিনিতে যে; স্বাধীনতা কাক কয় কিতাপত পঢ়ি সপোনত দেখিবলৈ হাবিয়াস কৰিব লগা নহৈ কাৰ্যকৰীভাৱে আমি স্বাধীনতাৰ পৰশ পাইছোঁ। গতিকে নিজৰ সূক্ষ্ম গণ্ডীৰ পৰা ওলাই আহি এই যুগও মহান কৰোঁ আহক।








