এদিন মূৰ ঘূৰাই পৰি গৈছিল মাক… সেই যি পৰিল পৰিলেই আৰু কোনো দিন নুঠিল তেওঁ৷ মাকে তাইক তেনেকৈ এৰি যাব বুলি সপোনতো ভবা নাছিল তাই৷ নিসংগতাবোৰে হেঁচা মাৰি ধৰিছিল তাই৷ মাকক মৃত্যুৱে দেউতাকৰ মনত যেন একো সাঁচ বহুৱাব নোৱাৰিলে৷
কেইদিনমানৰ পিছতে দেউতাকে তাইৰ বাবে এজনী নতুন মা লৈ আহিলে, বেংকৰ সহকৰ্মী… তাই তেতিয়াহে বুজি পালে মাকে কোৱা দেউতাকৰ বেংকৰ ব্যস্ততাবোৰ কি? জীৱনটো ভয়াৱহ হৈ পৰিছিল।
আপোন ঘৰখনতেই যেন তাই পৰ হৈ গৈছিল৷ প্ৰতিটো কাম কৰোতে, ওলাতে সোমাওতে কেৱল দাবি-ধমকি, ইটো নুচুৱা, সিটো নকৰিবা, এইটো নাখাবা… বনকৰা ছোৱালীত কৈ বেছি যন্ত্ৰণাময় আছিল তাইৰ সেইদিনবোৰ৷
তেনেকৈয়ে চলি থকা জীৱনটোৰ হঠাৎ পৰিৱৰ্তন হৈছিল। এদিন ককাক- আইতাকে গৈ তাইক লৈ আহিছিল যোৰহাটৰ মোমায়েকৰ ঘৰলৈ… শৈশৱটো পাৰ কৰা মৰমৰ ঘৰখন, বন্ধু-বান্ধৱ সকলোকে এৰি থৈ আহিব লগা হৈছিল তাই…
নীলিম নীলিম মৰম বুকুত,
সপোন সপোন দুচকুত,
প্ৰণয়ে প্ৰণয়েৰে নৈ হৈ তেজে তেজে সিৰে সিৰে বৈ
বিয়পিম তোমাৰ গভীৰলৈ……
হঠাৎ স্নিগ্ধাশিখাৰ ফোনটো জুবিন গাৰ্গৰ সুমধুৰ গীত এটাৰে বাজি উঠিল৷ বহুসময় ধৰি নিবিড় জোনাকে কৈ থকা সংগীতাৰ জীৱন উপন্যাসখনৰ কাহিনীৰ আধাতে যতি পৰিল৷ ফোনটো ধৰিবৰ বাবে স্নিগ্ধাশিখা চাংঘৰটোৰ পৰা নামি গ'ল… অচিনাকি নম্বৰ-
- হেল্ল
- হেল্ল', স্নিগ্ধা…
- জোনাক তুমি
- অ' মই, চিনি পালা?
- কিয় ফোন কৰিছা? কি ক'বলৈ বাকী থাকিল আৰু? কাৰ নম্বৰৰ পৰা ফোন কৰিছা আকৌ…
- আই এম ছৰি, মোৰ ভুল হৈ গ'ল… প্লীজ মাফ কৰি দিয়া। তুমি মোৰ নম্বৰটো ব্লক কৰি দিলা সেয়ে এইটো নতুন চিম উলিয়ালো। প্লীজ এবাৰ মাফ কৰি দিয়া
- জোনাক প্লীজ, মোক আৰু অশান্তি নিদিবা। বাই
- স্নিগ্ধা শুনাচোন
- মই অলপ ব্যস্ত আছো… ফোন কৰি নাথাকা যেন। গুড বাই…
ফোনটো থৈ স্নিগ্ধাশিখা পুনৰ চাংঘৰটোলৈ উঠি আগৰ ঠাইত বহিলেগৈ…
ক্ষন্তেক বিৰতিৰ পিছত নিবিড় নীৰৱে পুনৰ সংগীতাৰ জীৱন উপন্যাসখনৰ আধৰুৱা কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে…
আশাৰ মাজুলীখন এৰি আহি যোৰহাটৰ নতুন জীৱনটোও তাইৰ বাবে সুখৰ নাছিল… ককাক- আইতাকৰ সিদ্ধান্তটোত মোমায়েকে সহাৰি দিছিল যদিও মামীয়েকে ভাল পোৱা নাছিল… জীৱনটো তেনেদৰেই চলি আছিল। বয়সো বাঢ়ি আহিছিল তাইৰ… সকলো কথাতে নিমাত থাকিছিল তাই… মাজুলীৰ পখিলাজনী মোমায়েক- মামীয়েকৰ কেটেৰা-জেঙেৰা, দাবি- ধমকিবোৰৰ বাবে ভাঙি পৰিছিল… সকলোবোৰ নীৰৱে সহ্য কৰি গৈছিল। নামবিহীন দুখ কিছুমানে তাইৰ মনটোক হেঁচি ধৰি থাকে অহৰহ৷ ককাক- আইতাকে প্ৰায়েই কৈছিল-
- মাজনী, আমিনো আৰু কেইদিন জীয়াই থাকিম৷ তাৰ পিছত তোৰ কি হ'ব ভাবিবি… ভালকৈ পঢ়, দেউতাৰতকৈয়ো ডাঙৰ চাকৰি কৰিব লাগিব তই৷
একান্তমনে শুনিছিল ককাক-আইতাকৰ কথা৷ মন দি কষ্টৰে পঢ়িছিল তাই৷ যাৰ বাবেইটো মেট্ৰিক, হায়াৰ চেকেণ্ডৰী দুয়োতাতে ভাল ৰিজাল্ট কৰিব পাৰিছিল তাই৷ গুৱাহাটীত পঢ়াৰ ইচ্ছা নাছিল তাইৰ, যোৰহাটৰ সৰু কলেজ এখনত পঢ়িবলৈ পোৱাতোৱেই তাইৰ বাবে ডাঙৰ কথা আছিল৷ কিন্তু সকলোকে আঁচৰিত কৰি সন্দিকৈ কলেজত পঢ়োৱাম বুলিছিল মোমায়েকে৷ হয়তো তাইৰ ৰিজাল্ট দেখিয়েই মোমায়েকে সেই সিদ্ধান্ত লৈছিল এডমিছন হোৱাৰ পিছত কলেজ হোষ্টেলত থাকিবলৈ লৈছিল তাই৷ কলেজীয়া ছোৱালীবোৰৰ লগ পাই মাজুলীৰ পখিলাজনী উৰিবলৈ লৈছিল, গান নাচ ইত্যাদিৰ জৰিয়তে৷
তাইৰ জীৱনৰ ঘাত-প্ৰতিঘাতবোৰ বিয়ষে জনাৰ পিছত বেছিকৈ দুৰ্বল হৈ পৰিছিলো মই৷ জীৱনৰ খলা- বমা ৰাস্তাবোৰত হেলাৰঙে যাবৰ বাবে বহু কথা বুজাইছিলো মই৷ তাই অহাৰ পৰা মোৰ জীৱনটোৰো বহু পৰিৱৰ্তন হৈছিল৷ কলমেৰে গল্প আৰু কবিতা বেছিকৈ নিগৰিব ধৰিছিল৷ সকলোৰে কেৱল তাইৰে কথা মা দেউতাহঁতকো তাইৰ কথা কৈছিলো৷ পুৱাৰ পৰা গধূলিলৈকৈ মই তাইক লৈয়ে ব্যস্ত হৈ পৰিছিলো৷ বহুত ভাল পাইছিলো তাইক অথচ কোনো দিন প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিলো তাইক৷ সদায় ফোনত ঘণ্টা ঘণ্টা ধৰি মোৰ কবিতাৰ কথা, তাইৰ হোষ্টেলৰ কথা, মোৰ গল্পৰ নতুন প্লটৰ কথা তাইৰ ক্লাছৰ কথা, কলেজৰ কথা ইত্যাদিবোৰ আলোচনা কৰো…লগ ধৰিবলৈও যাওঁ৷
সময়বোৰ তেনেদৰেই পাৰ হৈ থাকিল প্ৰতিটো অন্ধকাৰ অমানিশা ফালি পুৱাৰ ৰ'দজাকে আমাৰ জীৱনলৈ কিছু নতুন আশা আৰু সম্ভাৱনা লৈ আহিছিল এদিন ৰাতিপুৱাই তাই ফোন কৰিলে। মই শুৱাৰ পৰা উঠায়ে নাছিলো বিচনাতে তাইৰ ফোনটো ধৰিলো-
- হেল্ল
- নিবিড় তোমাৰ লগত মোৰ এটা ইম্পৰটেণ্ট কথা আছে৷
- অ'কে কোৱা৷
- এনেকে নহয়, লগ পাব লাগিব৷
- ঠিক আছে… পিছে পুৱাই ইমান গহীন যে?
- কৈছোৱোই দেখোন ইম্পৰটেণ্ট কথা আছে সেয়ে৷
- অ'কে। সন্ধিয়া যাম তোমাৰ হোষ্টেলৰ ওচৰলৈ৷
- নাই নহ'ব… আবেলিয়ে আহিবা ওলাই যাম অলপ, কথাটো পাতিবলৈ মুকলি ঠাইৰ প্ৰয়োজন৷
- ঠিক আছে… ক'ত যাব লাগিব মোক মেচেজ কৰি দিয়া এতিয়া আৰু অলপ শুই লওঁ৷
- ঠিক আছে। বাই
- বাই বাই৷
আবেলি তাই নিদিষ্ট কৰি দিয়া ঠাইত উপস্থিত হ'লো দীপৰ বিলৰ ওচৰত৷ আগতে কোনো দিন তালৈ আমি দুয়ো একেলগে যোৱা নাছিলো৷ মই গৈ পোৱালৈ তাই তাত ৰৈ আছিল…
- আহি পাই গ'লো, কোৱা কি ইম্পৰটেণ্ট কথা আৰু ইয়ালৈ মাতিলা যে?
- সকলো কথা সকলো ঠাইতে পাতিব নোৱাৰি সেয়ে
- যি বুজিছো কথাটো বেচ গাম্ভীৰ্য্যপূৰ্ণ হ'ব
- হয়… মোৰ বিয়াৰ কথা ক'বলৈ মাতিছো
- কি ?
- মামাই মোৰ বিয়া ঠিক কৰিছে৷ ল'ৰাজন মামীৰ সম্পৰ্কীয়৷ আহি থাকে আমাৰ ঘৰলৈ কালি বোলে তেওঁলোকৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ মানুহ আহি সকলো ঠিক কৰিছে৷ অহা মাহৰ শেষৰ ফালে হয়তো মোৰ বিয়া হৈ যাব৷
- পাগল হৈছা নেকি? এতিয়াই বিয়া হৈ কি কৰিবা, কি পাবা? কেৰিয়াৰ বৰবাদ হৈ যাব তোমাৰ৷
- কেৰিয়াৰ মোৰ জীৱনত ইম্পৰটেণ্ট নহয়৷ বিয়া হ'লে এটা ঠিকনা পাম৷ সেইটোহে মোৰ বাবে ইম্পৰটেণ্ট
- কিন্তু
- মোক এটা ঠিকনা লাগে, নিবিড়। য'ত আলফুলে জীৰাব পাৰো৷
- কিন্তু মোক এৰি যাবলৈ নিদো তোমাক৷
- নিবিড়, সকলোবোৰ জনাৰ পিছতো তুমি। প্লীজ নিবিড়, তুমি এইবোৰ ক'লে আঁতৰি যাব নোৱাৰিম৷
- আঁতৰি যাবলৈ কোনে কৈছে তোমাক৷ তোমাক ঠিকনা এটাহে লাগে৷ বচ, মই দিম ঠিকনা। হ'বনে?
- মানে?
- মানে, যদি মই তোমাক বিয়া কৰাওঁ তেন্তে৷
- ধেমালি নকৰিবা৷
- ধেমালি নহয় মই তোমাক ভাল পাঁও৷ কোৱা মোলৈ বিয়া হ'বানে ?
তাইৰ চকুত প্ৰত্যয় জন্মাব পৰা বিশ্বাসেৰে হাত এখন আগবঢ়াই দিলো। তাই দৌৰি আহি মোৰ বুকুৰ মাজত সোমাই গ'লহি…
- ইমানদিন কিয় কোৱা নাছিলা বান্দৰ৷
- ভয় লাগিছিল৷ তুমি যদি তোমাৰ কথাবোৰ জনাৰ পিছত পুতৌ দেখুওৱাৰৰ বাবেহে কৈছো বুলি ভাৱা৷
- ধেইৎ… লভ ইউ
- লভ ইউ টু
তাৰ পিছত আৱেগৰ মুষলধাৰ বৰষুণত সিক্ত হৈ বুকুৰ সাগৰৰ পৰা এসাগৰ মৰমেৰে তিয়াই দিছিলো তাইৰ দুই ওঁঠ, দুই গাল…
ওভতি অহালৈ সন্ধিয়া হৈছিল। গাড়ীখনৰে তাইক থবলৈ গৈ আছিলো যদিও হঠাৎ তাইক লৈ মই মোৰ ঘৰৰ ফালে গুছি গ'লো…
-নিবিড়
- ওম কোৱা জান
- হ'ব, ইমান ৰোমাণ্টিকতা দেখাব নালাগে
- অ'কে
- আমি ক'লৈ গৈ আছো
- তোমাৰ ঘৰলৈ
- মানে
- মানে কালিলৈ পৰা তোমাৰ যিটো ঘৰ হ'ব সেইটোলৈ
- মই বুজা নাই
- কালিলৈ আমাৰ বিয়া হ'ব
- কি
- অ' কৰ্ট মেৰেজ। বুজিলা
- অ' বুজিছো। কিন্তু
- কিন্তু কি?
- এতিয়া আমি গৈ আছো ক'লৈ
- কৰ্ট মেৰেজ কৰিম বুলি মা- দেউতাক নকওঁ৷ সেয়ে কইনাজনীকে এবাৰ দেখুৱাই আনো। আমি এতিয়া মোৰ ঘৰলৈ গৈ আছো৷
- না না নিবিড়, নহ'ব। মই এনেকে তোমাৰ মা- দেউতাৰ ওচৰলৈ যাব নোৱাৰো৷
- একো নহয়৷
অলপ পাছত আমি গৈ ঘৰ পালোগৈ৷ মা-দেউতা ড্ৰয়িং ৰূমতে বহি আছিল৷ মই তাইক চিনাকি কৰাই দিলো৷ তাই ভৰি চুই আশীৰ্বাদ ল'লে৷ মায়ে ক'লে-
- তুমিয়ে মানে ইয়াৰ কবিতাৰ অশ্ৰুসীমনা জনী
- হয় মা, তাইয়ে মোৰ অশ্ৰুসীমনা
- তোমাক সোধা নাই নহয়, তাইকহে সুধিছো
- হয় মইয়ে৷ কিন্তু মইয়ো কথাটো আবেলিহে গম পাইছো
- আমি কিন্তু আগতেই গম পাওঁ
- কেনেকৈ?
- ইয়াৰ মুখত পুৱাৰ পৰা গধূলিলৈয়ে কেৱল সংগীতা আৰু সংগীতা। তাৰ পৰাই গম পালো৷
হাঁঁহিৰ ৰোল উঠিছিল আমাৰ ঘৰত সিদিনা ৷তাই সকলোবোৰ কথা কৈ দিছিল মা- দেউতাক৷ তেওঁলোকে কোনো আপত্তি নকৰাকৈয়ে আমাৰ মোৰ সুখৰ বাবে মানি লৈছিল তাইক৷ এঘণ্টা মান পিছত মই তাইক হোষ্টেলত থৈ আহিছিলোো৷ পিছদিনা মাক- দেউতাক নজনোৱাকৈয়ে বন্ধু কেইজন মানক সাক্ষী কৰি আমাৰ কৰ্ট মেৰেজ হৈ গৈছিল (আগলৈ)








