দুদিনৰ মূৰত বন্দনাৰ সংজ্ঞা ঘূৰি অহাত কিবা এটা পোৱাৰ আশাত ইফালে সিফালে চালে তাই । "দুখ নকৰিবি অ' আইজনী,..... কান্দিলেই জানো যোৱা বোৰ উভতাই পাবি ! সকলো নেদেখাজনৰে ইচ্ছা .....! " শাহুৱেকৰ কথাত বন্দনাই ওলাই আহিব খোজা কান্দোনটো চেপি ধৰিলে । বেচেৰীয়ে নাজানিছিলেই তাই যে এটি মৃত সন্তান প্ৰসৱ কৰিছিল৷