অণুগল্প......✍ দীপিকা দাস কলিতা

১) মগনীয়াঃ

পিন্ধনত সম্ভ্ৰান্ত ঘৰৰ যেন লগা মানুহজনে মলিয়ন কাপোৰ পিন্ধা আদহীয়া ব্যক্তিজনক ঢকিয়াই ৰে'লৰ দবাটোৰ পৰা ওলিয়াই দিলে। হাতত পইচা কেইটা ঝন ঝনকৈ বজাই মানুহজনে ক'লে, "বহুত ভোক লাগিছে দাদা, খাবলৈ কিবা এটা দিয়ক।"

২) ঘড়ীঃ

ঘড়ীৰ দোকানত কাম কৰি কৰি কাটা মিলাই সময়ৰ সঠিক মাপকাঠি নিৰূপণ কৰা ৰঘূনাথে তেতিয়াহে বুজিলে কৃত্ৰিমতা আৰু সত্যৰ পাৰ্থক্য, যেতিয়া সৎ আৰু অসৎ সংগৰ জ্ঞান নিদিয়াৰ বাবে পুতেক অধপতনে গ'ল।

৩) দৰ্পণঃ

জুৰনৰ দিনা দৰ্পণত দেখুৱাই গাঁওখনৰ ভিতৰতে ধুনীয়া ছোৱালীজনীক বিয়া পাতি আনি নয়নৰ কি ফিতাহি!!! বিয়াৰ এমাহ পিছতে কিন্তু ঘৰ ভাঙি বেলেগে খোৱাৰ পিছতো নিতৌ মানসিক শাস্তিৰ সন্মুখীন হওতেহে বুজিলে দৰ্পণৰ ছবিয়ে সদায় সঁঁচা নকয় বুলি।

৪) কেলেণ্ডাৰঃ

একেটা দিনতে দেউতাকৰ জন্মদিন আৰু মৃত্যুদিন। জীয়াই থকা দিনত এবাৰো ভালকৈ মাত নিদিয়া হৰই আজি ভোজে ভাতে খুৱাই সমাজৰ পৰা মিছা 'ৱাহ ৱাহ' অৰ্জিছে।

৫) সততাঃ

বিনীৰ ছোৱালীজনীৰ ডিঙিৰ চেইনডাল অন্নপ্ৰসণ্ণৰ দিনাই ডিঙিৰ পৰা নোহোৱা হোৱাত সকলোৱে বিশ বছৰে বিনা বেতনে কাম কৰা লগুৱা মহীক মাৰধৰ কৰি ঘৰৰ পৰা খেদি দিলে। সম্পূৰ্ণ পাঁচদিন পিছত চৰাঘৰৰ চোফাৰ ফাঁকত চেইনডাল পাইহে বিনীয়ে বুজিলে দৰাচলতে সততা কি!